লাহৰীঘাটত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি লুইতৰ পাৰত সৰ্বহাৰাৰ প্ৰাৰ্থনা

WhatsApp Image 2020 08 03 at 7.25.19 PM

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি আজি লুইতৰ পাৰতে কোৰান শেষ কৰি প্ৰাৰ্থনা কৰে সৰ্বহাৰা খহনীয়াগ্ৰস্ত লোকসকলে । উল্লেখ্য যে লাহৰীঘাটৰ বিভিন্ন স্হানত অব্যাহত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া। প্ৰতিদিনে ন ন পৰিয়ালে ঘৰ ভেটি হেৰুৱাই হৈছে সৰ্বস্বান্ত ।

যোৱা কিছুদিন ধৰি টেঙাগুৰি কছাৰীগাঁও, বটাবড়ী, মহমাৰী পথাৰ আদি অঞ্চলত লুইতৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ এই খহনীয়াত কে’বা শতাধিক পৰিয়াল গৃহহীন হৈছে ৷ এই গৃহহীন পৰিয়ালসমূহে উপায়হীন হৈ গছতল, বাঁহতলত লৈছে আশ্ৰয় ।ইমানৰ পিছতো চৰকাৰ তথা জলসম্পদ বিভাগে বিধ্বংসী ৰূপ ধাৰণ কৰা গৰাখহনীয়াৰ প্ৰতিৰোধৰ কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্হা গ্ৰহণ কৰা নাই ৷ অৱশেষত খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি সৰ্বস্বান্ত লোক সকল শৰনাপন্ন হৈছে ভগৱানৰ ওচৰত।

টেঙাগুৰি কছাৰী গাঁও, মহমাৰী পথাৰ, বৰহলৌ কান্দা, বটাবাড়ী আদি অঞ্চলৰ খহনীয়া বিধ্বস্ত লোক সকলে উপায়বিহীন হৈ আজি ভগৱানৰ ওচৰত শৰণাপন্ন হৈ লুইতৰ পাৰত কোৰাণ শেষ কৰি প্ৰাৰ্থনা কৰে । ইয়াৰ বাদে যেন এতিয়া সৰ্বহাৰা খহনীয়া বিধ্বস্ত লোক সকলৰ হাতত কোনো উপায় নাই । টেঙাগুৰি কছাৰী গাঁৱৰ কবৰস্হান আৰু ঈদগাহ ময়দান খহনীয়াত জাহ যোৱাৰ লগতে পুৰণা মথাউৰিটো খহনীয়াৰ কবলত পৰিছে।

এতিয়া যিফালেই চকু দিয়া যায় সেইফালেই যেন নৈপৰীয়া ৰাইজৰ অনিশ্চিত ভৱিষ্যতৰ ধূসৰ ছবি । সৰ্বহাৰা লোক সকলে কোৰাণ শেষ কৰি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি আবেগ বিহ্বল হৈ উচুপি উঠে ৷ সৰ্বহাৰাৰ আশা ভগৱানৰ কৃপাৰ অবিহনে তেওঁলোকৰ পৰিত্ৰাণ নাই।

Exit mobile version