লেণ্ডাৰ বিক্ৰমৰ পাছত চন্দ্ৰপৃষ্ঠত সন্ধান ওলাল প্ৰজ্ঞানৰ

Screenshot 12

চেন্নাইৰ অভিযন্ত্ৰা টেকি ছানমুগা সুব্ৰহ্মণম নামৰ অভিযন্ত্ৰাজনৰ একক প্ৰচেষ্টাই সকলোকে আচৰিত কৰি তুলিছে । যোৱা বছৰ ডিচেম্বৰত অভিযন্ত্ৰাজনে চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ সন্ধান লাভ কৰিছিল । ইয়াৰ পিছতো নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখি কে’বা মাহৰো পৰিশ্ৰম আৰু সাধনাৰ অন্তত সুব্ৰহ্মণমে লেণ্ডাৰ বিক্ৰমৰ গৰ্ভৰ পৰা ওলাই যোৱা ৰোভাৰ প্ৰজ্ঞানৰ সন্ধান লাভ কৰা বুলি দাবী কৰিছে ।

সুব্ৰহ্মণমে দাবী কৰিছে যে ‘ৰাফ লেণ্ডিং’ হোৱাৰ বাবে লেণ্ডাৰ বিক্ৰমৰ পেলোডছ ভাঙিলেও চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযানৰ প্ৰজ্ঞান ৰোভাৰ এতিয়াও অক্ষত অৱস্থাত আছে । দুৰ্ঘটনাৰ পাছতে লেণ্ডাৰ বিক্ৰমৰ ভিতৰৰ পৰা ওলাই আহি এই ৰোভাৰে চন্দ্ৰভূমিত কেই মিটাৰমান আগুৱায়ো গৈছে।চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানৰ সেই গতিপথো ‘ট্ৰেক’ কৰিছে সুব্ৰহ্মণমে । ইয়াৰ পাছতে টুইটত এই কথা সদৰী কৰে ।

উল্লেখ্য যে নাছাই প্ৰেৰণ কৰা একাংশ ফটো বিশ্লেষণ কৰি সুব্ৰহ্মণমে যোৱা বছৰৰ ডিচেম্বৰত প্ৰমাণ কৰে যে বিক্ৰমৰ ধ্বংসাৱশেষ চন্দ্ৰৰ মাটি আৰু বালিত পোত খাই পৰিছে । যোৱা বছৰৰ সাত ছেপ্টেম্বৰত ইছৰ’ৱে প্ৰেৰণ কৰা চন্দ্ৰযান -২ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছিল ।

কিন্তু চন্দ্ৰপৃষ্টলৈ মাত্ৰ চাৰিশ মিটাৰ বাকী থকা অৱস্থাত বিক্ৰমৰ স’তে ইছৰ’ৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে । ভাৰতীয় মহাকাশ সংস্থাটোৱে বিক্ৰমক বিচাৰি ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখে । সন্ধান অব্যাহত ৰাখিছিল ‘নাছা’য়ো । কিন্ত এই অসাধ্য সাধন কৰে সুব্ৰহ্মণমে।

Exit mobile version