কংগ্ৰেছৰ প্ৰতাৰণা দিৱস হাস্যকৰঃ বিজেপি

WhatsApp Image 2020 08 03 at 9.43.17 PM

ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ নকৰাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতাৰণা দিৱস পালন কৰে । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয় তথা ৰাজীৱ ভৱনৰ প্ৰাংগণতো কেন্দ্ৰীয়ভাৱে শতাধিক দলীয় নেতা কৰ্মীৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিজেপিৰ বান খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল, ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল,এক্সপ্ৰেছ হাইৱে ক’লৈ আদি শ্ল’গানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দিয়া কে’বাটাও প্ৰতিশ্ৰুতি প্ৰদেশ কংগ্ৰেছে দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদত অংশ লোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় “বিজেপি চৰকাৰৰ হেজাৰ হেজাৰ প্ৰতিশ্ৰুতি আছে যদিও সাম্প্ৰতিক সময়ত ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিজেপিয়ে কি কি প্ৰতিশ্ৰুতি দিছিল তাৰ ওপৰতে ৰাজ্য জুৰি প্ৰতাৰণা দিৱস পালন কৰা হৈছে । বান সমস্যা সমাধানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাকৰ এটাও পালন নকৰিলে আৰু সেইবাবেই এই প্ৰতিশ্ৰুতিসমূহ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছো ।”

২০১৭ ত ৰাজ্যৰ বান পৰিস্থিতি প্ৰধানমন্ত্ৰী মোদীয়ে পৰ্যবেক্ষণ কৰা সন্দৰ্ভত ৰিপুণ বৰাই কয় যে সেইদিনা সন্ধিয়া ৰাজ্য চৰকাৰক লগত লৈ প্ৰধানমন্ত্ৰীয়ে বান সমস্যা নিয়ন্ত্ৰণৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰিছিল ৷ উত্তৰ পূৰ্বাঞ্চলৰ বানপানী নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিকভাৱে ২৩৫০ কোটি টকা মোকলাই দিব ৷ দ্বিতীয়তে অসমৰ বাবে তৎকালীনভাৱে ২৫০ কোটি, ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধক বাবে ৪০০ কোটি, ব্ৰহ্মপুত্ৰ অৱবাহিকা অধ্যয়নৰ বাবে ১০০ কোটি টকা মোকলাই দিব, কিন্তু এই প্ৰতিশ্ৰুতিসমূহ ক’ত বুলি সভাপতি জনে প্ৰতিবাদৰ মাজেৰে প্ৰশ্ন কৰে ।

ইফালে ৰাজ্যবাসীয়ে দুমাহ ধৰি বানত ককবকাই থকাৰ পাছতো খবৰ ল’বলৈ প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীৰ সময় নোলাল বুলি বৰাই উল্লেখ কৰি কয় “আজি আমাৰ ইমান দুৰ্ভাগ্য ৷ ৫০ লাখ মানুহ ক্ষতিগ্ৰস্ত ৷ এশজনে প্ৰাণ হেৰুৱালে ৷ প্ৰধানমন্ত্ৰীতো বাদেই, এজন কেন্দ্ৰীয় মন্ত্ৰী পঠাই ৰাইজৰ খবৰ ল’বলৈ সময় নোলাল বিজেপি চৰকাৰৰ ৷ ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় কি হ’ব পাৰে অসমৰ ৰাইজৰ বাবে ৷ এইয়াই হৈছে বিজেপিৰ চৰিত্ৰ । আনহাতে প্ৰদেশ কংগ্ৰেছে ৰূপায়ণ কৰা প্ৰতাৰণা দিৱস সন্দৰ্ভত ৰাজ্যিক বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাস্যকৰ বুলি অভিহিত কৰে ।

Exit mobile version