জাবৰেৰে ভৰি পৰিছে গুৱাহাটীৰ লাচিত ঘাট

dc50a290 ac52 48ad 9774 d70a6900d062

গুৱাহাটী মহানগৰীৰ মাচখোৱাস্থিত লাচিত ঘাট জাবৰ জোথৰৰে ভৰি পৰিছে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ পৰিপেক্ষিতত জাবৰ জোথৰ ভৰি পৰা দেখিবলৈ পোৱা গৈছে ৷তলাবন্ধৰ সময়ছোৱাত বিভিন্ন জনসাধৰণে পূজাৰ সামগ্ৰীৰ লগতে শ্ৰাদ্ধৰ সামগ্ৰীসমূহ লুইতৰ বুকুত পেলাই দিয়ে ৷

বিগত দিনসমূহত তলাবন্ধৰ বাবেই জাবৰ জোথৰসমুহ পৰিস্কাৰ নকৰাৰ বাবে জাবৰৰে ভৰি পৰিছে লাচিত ঘাট ৷ এই ঘাতটোৰে দৈনিক শতাধিক যাত্ৰীৰ লগতে বিভিন্ন স্তৰৰ জনসাধাৰণে আহি লুহিতৰ সৌন্দৰ্য উপভোগ কৰে ৷ তাত উপস্থিত থকা বিভিন্ন জনসাধাৰণে দুৰ্গন্ধময় পৰিবেশ সহ্য কৰিব নোৱাৰি মুখত কাপোৰ ল’বলগীয়া অৱস্থা হৈছে ৷

আনহাতে একাংশ লোকে জানিবলৈ দিয়ে যে এই সময়ত বৰষুণ বৃদ্ধি পালে জাৱৰ জোথৰসমুহ ব্ৰহ্মপুত্ৰত উটি যাব ৷পানীয়ে উটুৱাই নিয়া জাবৰ জোথৰসমূহে ব্ৰহ্মপুত্ৰৰ পানী যে অপৰিস্কাৰ কৰি তুলিব সেয়া নিশ্চিত৷ সেই বাবেই অতি শীঘ্ৰেই এই জাৱৰ জোথৰসমূহ পৰিস্কাৰ কৰিবলৈ গুৱাহাটী পৌৰনিগমৰ ওচৰত দাবী জনাই একাংশ উপস্থিত ৰাইজে ৷

Exit mobile version