মহাকাশৰ পৰা নিৰ্বিঘ্নে সমূদ্ৰত জাঁপ দিলে দুই মহাকাশচাৰীয়ে

Screenshot 14

মহাকাশৰ পৰা জাঁপ দি সমূদ্ৰত পৰিল দুজন মহাকাশচাৰী । ডগলাছ হাৰ্লি আৰু বব বেনকেন নামৰ মহাকাশচাৰীদ্বয়ে ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ আশংকাৰ মাজতে মহাকাশৰ পৰা পৃথিৱীলৈ ওভটাৰ বাবে কেপচুলত উঠিছিল ।চাৰিটা পেৰাছু‍‍‍্যটত ভৰ কৰি আমেৰিকাৰ মহাকাশচাৰীদ্বয়ে ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ আশংকাৰ মাজতে মহাকাশৰ পৰা পৃথিৱীলৈ ওভতাৰ বাবে কেপচুলত উঠিছিল । চাৰিটা পেৰাছু‍‍‍্যটত ভৰ আমেৰিকাৰ মহাকাশচাৰীদ্বয়ক লৈ দেওবাৰে দুপৰীয়া নিৰ্বিঘ্নে মেক্সিকো উপসাগৰত পৰেহি স্পেচ-এক্স কোম্পানীৰ সেই কেপচুল ।

লগে লগে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ জনছন স্পেচ চেণ্টাৰৰ নিয়ন্ত্ৰণকক্ষত থকা সকলোৱে কৰতালিৰে তেওঁলোকক আদৰণি জনায় । লগে লগে চাৰিওফালৰ পৰা দৌৰি আহি স্পীডবোট । কিছু সময় পাছত কেপচুলটো জাহাজত তোলা হয় । ফ্লৰিডা উপকূলৰ সমীপৰ সমুদ্ৰতে আহি নমাৰ কথা আছিল ‘স্পেচ -এক্স ক্ৰু ড্ৰেগন ‘ নামৰ স্পেচক্ৰাফ্টখনে ।

ইফালে বাহামাৰ পৰা দ্ৰুতগতিৰে আগুৱাই আহিছিল ‘ইছাইয়াছ’ ঘূর্ণী । ফলত বেয়া বতৰৰ বাবে মহাকাশচাৰীদ্বয় সাগৰত কেনেকৈ নামিব তাকেলৈ প্ৰশ্নই ব্যতিব্যস্ত কৰিছিল নাছাক । অৱশ্যে পৃথিৱীলৈ নির্দিষ্ট যানখন ৰাওনা হয় । এই অভিযানৰ আন এক বিশেষত্ব আছিল প্ৰথমবাৰলৈ বেচৰকাৰী কোম্পানীৰ উদ্যোগত মহাকাশ অভিযান । অৱশ্যে আচল লক্ষ্য আছিল , ৰাছিয়াৰ পৰা নির্ভৰতা দূৰ কৰা ।

‘স্পেচ -শ্বাটল’ সমূহৰ ম্যাদ ওৰ পৰাৰ পাছত মহাকাশলৈ মানুহ প্ৰেৰণ কৰিবলৈ নাছাই ৰাছিয়াৰ ছয়ুজ মহাকাশযানতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল।কিন্ত তাৰ বাবে প্ৰত্যেক আসনৰ বাবদ আমেৰিকাই আঠ কোটি আমেৰিকান ডলাৰ দিবলগীয়া হৈছিল । সেই বাবেই আমেৰিকাই নতুন স্পেচক্ৰাফ্ট নিৰ্মাণৰ চেষ্টা অব্যাহত ৰাখিছিল।

Exit mobile version