আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই তলাবন্ধ আৰু আনলকৰ মাজতো মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই নৰকাসুৰ পাহাৰৰ ওপৰত কমলনগৰত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায় ।
ADVERTISEMENT
অভিযান কালত কেইবাটাও চুলাই প্রস্তুত কৰা ভাটী ধ্বংস কৰাৰ লগতে চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ১৪০০ লিটাৰ পাছ, প্ৰায় ১০০ লিটাৰ চুলাই মদ , আৰু চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ২৭ যোৰ বিভিন্ন সা – সৰঞ্জাম জব্দ কৰে । অৱশ্যে অভিযানৰ উমান পাই দুস্কৃতিকাৰী পলাই যাবলৈ সক্ষম হয় ।