যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা

172dc012 ac7b 4859 b31c b4301352dfbd

ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি ক’ভিড -১৯ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে প্লাজমা বেংক তথা প্লাজমা দান কৰা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে৷ আজি ৩ জন ক’ভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ৰোগীয়ে প্লাজমা দান কৰে৷

তিতাবৰৰ নৱল কিশোৰ শৰ্মা( ২৭ বছৰ) আৰু অঞ্জলী শৰ্মা( ২৬ বছৰ) আৰু যোৰহাট সোনাৰী গাঁৱৰ লক্ষ্যজিৎ বৰদলৈ(২৯ বছৰ) নামৰ ৩ জন ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ৰোগীয়ে প্লাজমা দান কৰা কাৰ্যক মন্ত্ৰীগৰাকীয়ে শলাগ লয়৷ মন্ত্ৰী হাজৰিকাই কয় যে প্লাজমা দান কাৰ্যটো এটা মহৎ কাম, ই দুজন ব্যক্তিক জীৱন দান দিব পাৰে৷ ক’ভিড আৰোগ্য সকলো ৰোগীকে পৰাপক্ষত এই মহৎ কাৰ্যটো কৰিবলৈ তেখেতে অনুৰোধ জনায়৷

চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক, নাৰ্চ,অন্যান্য স্বাস্থ্যকৰ্মীসকলৰো বুজ লৈ দিহা পৰামৰ্শ আগবঢ়াই মন্ত্ৰীগৰাকীয়ে৷উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে প্লাজমা দান দিয়া ব্যক্তি কেইজনক একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে৷

আনহাতে অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কোৰাটী,আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস,যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অতুল বড়ো,অধীক্ষক পূৰ্নিমা বৰুৱাৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

Exit mobile version