অনুষ্ঠিত হৈ গ’ল অযোধ্যাৰ ভূমি পূজন

05 08 2020 bhumi pujan05c 202085 121647

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কৰিলে যদিও মন্দিৰ নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই বিষয়ে সকলোৱে সম্প্ৰতি জানিবলৈ ইচ্ছুক হৈ আছে ৷ ৰাম মন্দিৰৰ ট্ৰাষ্টৰ মতে মন্দিৰৰ নিৰ্মাণৰ কাম এতিয়াই সম্পন্ন নহয় । কাৰণ এতিয়াও সম্পূৰ্ণ ৰূপে তৈয়াৰ হোৱা নাই ৰাম মন্দিৰৰ নক্সা ।

ৰাম মন্দিৰৰ মহাসচিব চম্পত ৰায়ৰ মতে এতিয়াও মন্দিৰৰ নক্সা অযোধ্যাৰ বিকাশ প্ৰাধিকৰণৰ ওচৰত আছে ৷ ইয়াত প্ৰায় ডেৰ দুই কোটি টকা ব্যয় হ’ব ৷ইয়াৰ পিছৰ পৰাহে ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব । আনহাতে মন্দিৰৰ আৰ্কিটেক্টৰ কাম চোৱা চিতা কৰা নিখিল সোমপুৰাৰ মতে নিৰ্মাণকাৰী কোম্পানী এনএনটীয়ে সম্প্ৰতি ৰাম জন্মভূমিৰ মাটিৰ গুণাগুণ পৰীক্ষা কৰি আছে ৷

ইয়াৰ ফলাফল অহাৰ পিছতহে মন্দিৰৰ গভীৰতা কিমান হ’ব লগতে কেতিয়াৰ পৰা কাম আৰম্ভ হ’ব সেই বিষয়ে সিদ্ধান্তত উপনীত হ’ব পাৰিব ৷ নিখিল সোমপুৰাই লগতে কয় যে এতিয়াই কিমান মজদুৰ লাগিব সেই বিষয়েও স্পষ্ট হোৱা নাই । কাৰণ মন্দিৰৰ কাম কৰিবলৈ বৃহৎ মেচিনসমূহ ইতিমধ্যে আহি পৰিছে ৷ গতিকে মেচিনৰ সংখ্যা বৃদ্ধি পালে মজদুৰৰ সংখ্যা হ্ৰাস পাব ৷

অনুমান কৰা হৈছে প্ৰায় ১০০ জন মজদূৰৰ দ্বাৰা মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷ আনহাতে মন্দিৰ নিৰ্মাণত কিমানজন ঠিকাদাৰ লাগিব সেই বিষয়েও স্পষ্ট  কৰা নাই এলএনটিয়ে । কামৰ সকলো ভাগ বতৰা হৈছে যদিও ৰাম মন্দিৰৰ ট্ৰাষ্টৰ ফালৰ পৰা সেউজ সংকেত পালেই আৰম্ভ হ’ব মন্দিৰ নিৰ্মাণ ।

Exit mobile version