কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক’ভিড-১৯ আতংক

covid19

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ উপস্থিতি ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চল এলেকাৰ বুঢ়াপাহাৰ বিটৰ ৮ জনকৈ বনকৰ্মী আক্ৰান্ত হৈছে কৰ’নাত ৷ ইয়াৰ লগে লগে আতংকই বিৰাজ কৰিছে উদ্যানখনত ৷ ৰাষ্ট্ৰীয় উদ্যানখনত কালি এগৰাকী বনকৰ্মীৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছতে আজি সাতজন বনকৰ্মীৰ দেহত ধৰা পৰে ক’ভিড-১৯ৰ উপস্থিতি ৷

বাগৰি বনাঞ্চলৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পথৰ কাষত থকা বুঢ়াপাহাৰ বিটত এই সংক্ৰমণ ধৰা পৰাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় পথৰ কাষত থকা বন শিবিৰসমূহৰ বনকৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ ইয়াৰ লগতে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থকা শিবিৰসমূহৰ কোনো বনকৰ্মী কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ নাই বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷

Exit mobile version