টিকটকক লৈ বিপদত পৰিছে চীন

TikTok

টিকটকক লৈ বিপদত পৰিছে চীন । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মাইক্ৰচফ্টৰ দ্বাৰা টিকটক ক্ৰয় কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আমেৰিকাত থকা টিকটকৰ কোম্পানী বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে চীন। কাৰণ বিগত সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টিকটক নিষিদ্ধ কৰাৰ কথা প্ৰকাশ কৰিছিল । টিকটকৰ দাবী যে কেৱল আমেৰিকাতেই প্ৰায় ১০ কোটি লোকে টিকটক ব্যৱহাৰ কৰে  ৷

ইপিনে ভাৰত চৰকাৰে প্ৰথমতেই নিজৰ গোপনীয়তা আৰু সুৰক্ষাৰ প্ৰসংগ উত্থাপন কৰি টিকটক নিষিদ্ধ কৰিছে ৷ ট্ৰাম্প প্ৰশাসনৰ মতে “টিকটক আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা কাৰণে বিপদ ৷ অৱশ্যে আমেৰিকাত টিকটকক কেনেদৰে নিষিদ্ধ কৰা হ’ব এই বিষয়ে স্পষ্টকৈ কোৱা নাই ট্ৰাম্পে ৷ আনহাতে গোপনীয় তথ্য লোৱাৰ সন্দৰ্ভত আমেৰিকাই চীন চৰকাৰৰ ওপৰত কৰাৰ আশংকাক নসাৎ কৰে টিকটকে ।

মাইক্ৰচফ্টেও উল্লেখ কৰে যে টিকটক ক্ৰয় কৰাৰ সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিছে যে কিমান মূল্যত ক্ৰয় কৰিব সেই বিষয়ে স্পষ্ট হোৱা নাই । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মন্তব্য “টিকটকত জৰিয়তে পোৱা মূল্যৰ অধিকাংশ আমেৰিকাই পাব লাগে । কাৰণ আমি এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিলো ।”

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মাইক্ৰচফ্টৰ চিইঅ’ সত্যা নেডলাই টিকটক ক্ৰয়ৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লগত মত বিনিময় কৰিল । লগতে ট্ৰাম্প আৰু নাডেলাই কেনেদৰে টিকটকক পুনৰুদ্ধাৰ কৰিব পাৰি এই সন্দৰ্ভত মত বিনিময় কৰে ৷ ইপিনে মাইক্ৰচ’ফ্টে এটা ব্ল’গ প’ষ্টৰ জৰিয়তে কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত টিকটকক ক্ৰয়ৰ সন্দৰ্ভত মতবিনিময় কৰিব যদিও এই সন্দৰ্ভত ১৫ ছেপ্টেম্বৰৰ পিছত সিদ্ধান্ত লোৱাৰ আশা প্ৰকাশ কৰিব পাৰি  ৷

ভাৰত চীনৰ সম্পৰ্কৰ মাজতে টিক টক বন্ধ কৰাৰ পিছতে আমেৰিকাৰ ৰাজনৈতিক নেতাসকল চিন্তিত হৈ পৰিছিল ৷ কাৰণ আমেৰিকাৰ প্ৰায় সংখ্যক লোকে টিকটক ডাউনলোড কৰিছিল ৷ সম্প্ৰতি আমেৰিকাই যদিহে টিকটক ক্ৰয় কৰে তেন্তে দেশখনৰ উদ্যোগিক ক্ষেত্ৰলৈ যথেষ্ট পৰিৱৰ্তন আহিব ৷ অৱশ্যে মাইক্ৰচফ্ট এতিয়াও ট্ৰাম্পৰ টিকটকৰ সিদ্ধান্তৰ বিষয়ে একো মন্তব্য দিয়া নাই ।

লগতে হুৱাইট হাউচেও এই বিষয়ে কোনো প্ৰতিক্ৰিয়া দিয়া নাই । টিকটকৰ মুখ্য বিষয়াই কয় যে বায়’টেন্স সকলো আইন কানুন মানি চলিবলৈ সাজু আছে ৷ উল্লেখযোগ্য যে টিকটকে চলিত বৰ্ষত প্ৰায় ১০০০ লোকক নিযুক্তি দিছে ৷ আনহাতে ভাৰত চীন সীমান্ত সংঘৰ্ষৰ পিছতে চীনৰ বহু এপ ভাৰতত নিষিদ্ধ কৰা হৈছিল ৷

Exit mobile version