মোৰ হৃদয়ৰ সপোন আজি বাস্তৱত পৰিণত হ’বঃ লালকৃষ্ণ আডৱানী

LK Advani

অযোধ্যাত হ’বলগীয়া ৰামমন্দিৰৰ ভূমিপূজনৰ পূৰ্বতে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আডৱানীয়ে এক ভিডিঅ’ৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰে ৷ আদৱানিয়ে কয় যে মোৰ হৃদয়ৰ সপোন বাস্তৱত ৰূপায়ণ হ’বলৈ গৈ আছে । আজি দিনটোত সকলো ভাৰতীয়ৰ কাৰণে ঐতিহাসিক দিন ৷ কেতিয়াবা জীৱনৰ গুৰুত্বপূৰ্ণ সপোনবোৰ বাস্তৱত পৰিণত হওতে অলপ সময় লাগে ৷ মোৰ জীৱনৰ সপোন পূৰণ হৈছে ।”

লগতে আডৱানীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন হ’ব ৷ এইয়া মোৰ কাৰণেই নহয় সমগ্ৰ মানৱ জাতিৰ কাৰণে ঐতিহাসিক দিন । ইপিনে এসময়ত ৰাম মন্দিৰৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিজেপিৰ জ্যেষ্ঠ নেতাজন কয় যে ৰাম জন্মভূমিত ৰামমন্দিৰ স্থাপন কৰাটো বিজেপিৰ লক্ষ্য আছিল ।

আনহাতে ৰামমন্দিৰৰ লৈ ১৯৯০ ত সোমনাথৰ পৰা অযোধ্যালৈ ৰাম ৰথ যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰে আডৱানীয়ে । ৰাম মন্দিৰৰ আন্দোলনত ভাগ লোৱা সকলো সন্ত মহন্তলৈ ধন্যবাদ জ্ঞাপন কৰে লালকৃষ্ণ আডৱানীয়ে। লগতে আডৱানীয়ে কয় যে ২০১৯ ত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তত শান্তিপূৰ্ণ ভাৱে ৰাম মন্দিৰ নিৰ্মাণ হ’বলৈ গৈ আছে । সম্প্ৰতি এই কথাই ভাৰতীয় সকলৰ একতাক শক্তিশালী কৰিব ।

Exit mobile version