ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ আজিৰ ৭০ সংখ্যক মৃত্যু দিৱস

WhatsApp Image 2020 08 05 at 11.37.54 AM

ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস ।শিলপুখুৰীৰ গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান | মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহান স্বাধীনতা সেনানী তথা ভাৰতৰ স্বৰাজোত্তৰ কালৰ অসমৰ প্ৰথমগৰাকী মুখ‍্যমন্ত্ৰী, ‘ভাৰত ৰত্ন’ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক মৃত্যু দিৱসত শ্ৰদ্ধা নিবেদন কৰিছে ।

ইফালে, সমাধিস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত  অংশ লয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, গোপীনাথ বৰদৈলৰ পুত্ৰ বলিন বৰদলৈৰ লগতে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

Exit mobile version