নিষিদ্ধ ড্ৰাগছৰ ক’ৰিডৰ স্বৰূপ অসম নগালেণ্ডৰ সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ কালি বিয়লি নগালেণ্ডৰ ডিমাপুৰৰ পৰা নগাঁৱৰ ডবকালৈ আহি থকা এ.এছ.০২বি.চি. ৭৮৬৬ নম্বৰৰ এখন বলেৰ’ পিক অাপ ভানৰ পৰা উক্ত ড্ৰাগছখিনি আৰক্ষীয়ে জব্দ কৰে ৷ ঘটনাৰ সবিশেষ জনায় বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসে ।
লগতে সংবাদ মাধ্যমৰ আগত কয় যে ডিলাই লাহৰীজান তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিত্তৰঞ্জন বৰাৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত ডিলাই লাহৰীজানত তাৎক্ষণিক ভাৱে বহুওৱা তালছীত উল্লেখিত বাহনখনত স্থাপন কৰা গোপন কোঠালিত ৫২ টা চাবোনৰ বাকচত ভৰাই অনা মুঠ ৬৪৯ গ্ৰাাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷
আনহাতে উক্ত ড্ৰাগছখিনিৰ লগত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীকো আটক কৰে ৷ আটকাধীন দুজন হল ক্ৰমে হোজাই বালিৰাম পথাৰৰ মইনুল হক আৰু আলি হুচেইন ৷ সম্প্ৰতি দুয়ো সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷