এইবাৰ ভাৰতৰ অঞ্চল সামৰি নতুন মানচিত্ৰ প্ৰকাশ পাকিস্তানৰ

new map of pakistan e1596706879691

নেপালৰ পদাংক অনুসৰণ কৰি ভাৰতৰ কিছু অঞ্চল নিজৰ ভূ খণ্ডৰ বুলি দাবী কৰি এইবাৰ নতুন মানচিত্ৰ প্ৰকাশ কৰিলে পাকিস্তানে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ উদ্যোগত নতুনকৈ তৈয়াৰ কৰা পাক মানচিত্ৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতে ইয়াক অৰ্থহীন আৰু হাস্যকৰ আখ্যা দিয়ে।

‘এই নতুন পাকিস্তানৰ মানচিত্ৰ আচলতে এক ৰাজনৈতিক অবাস্তৱতা । অর্থহীন। এই হাস্যকৰ পদক্ষেপৰ কোনো আইনী বৈধতা নাই। নাই কোনো আন্তৰ্জাতিক গ্ৰহণযোগ্যতা।’ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে পাকিস্তানৰ নতুন মানচিত্ৰৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

উল্লেখ্য যে, কালি বিয়লিবেলা ৰাজধানী ইছলামাবাদত প্ৰধানমন্ত্ৰী ইমৰান খানে এই নতুন মানচিত্ৰ প্ৰকাশ কৰিছিল। উক্ত মানচিত্রত পাকিস্তানে জম্মু-কাশ্মীৰ, লাডাখ আৰু পশ্চিম গুজৰাটৰ কিছু অঞ্চল নিজৰ বুলি দাবী কৰিছে। পাকিস্তানে এইদৰে দাবী কৰা জম্মু-কাশ্মীৰ, লাডাখ হৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু গুজৰাট হৈছে ভাৰতৰ অন্যতম এখন অংগৰাজ্য । ইছলামাবাদত পাকিস্তানৰ নতুন মানচিত্ৰখন প্ৰকাশ কৰাৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰানে ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলুপ্তকৰণক কঠোৰভাৱে সমালোচনা কৰে।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ এই সিদ্ধান্তক ইমৰানে অবৈধ কৰ্ম বুলি অভিহিত কৰে। পাকিস্তানৰ নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পাছত ইমৰানে লগতে কয় যে এতিয়াৰ পৰা দেশখনৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত এইখন মানচিত্ৰ অনুসৰি ভৌগোলিক জ্ঞান আহৰণ কৰিব ।

Exit mobile version