বিধিয়ে দিলেও বিধাতাই নিদিয়ে

couple 915991 1280

আমি সকলোৱে বহুতক প্ৰেমৰ প্ৰস্তাৱ দিয়াও দেখিছো বা শুনিছো ৷ অথবা আমাৰ জীৱনত এবাৰ হ’লেও প্ৰেমৰ প্ৰস্তাৱ লাভ কৰিছো ৷ কিন্তু এইবাৰ এজন যুৱকে নিজৰ প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ গৈ যি পৰিস্থিতিৰ সন্মুখীন হ’ল সেই সন্দৰ্ভত এতিয়া সকলোতে চৰ্চা লাভ কৰিছে ৷

নাম প্ৰকাশত অনিচ্ছুক যুৱকজনে প্ৰেমিকাৰ প্ৰেমৰ প্ৰস্তাৱ দিবলৈ নিজৰ বাসগৃহটোতে মম বাতিৰে আটকধুনীয়াকৈ সজাই তোলে ৷ কিন্তু প্ৰেমিকাই যুৱকৰ প্ৰেমৰ প্ৰস্তাৱত হয়ভৰ দিয়াৰ আগতেই মম বাতিৰ পৰা লগা জুইত চাৰখাৰ হয় যুৱকজনৰ ঘৰ ৷ এই ঘটনাটো ইংলেণ্ডৰ ৷

যুৱকজনে প্ৰেমিকাৰ কাৰণে সমস্ত ঘৰটোত মমবাতি জ্বলাই, বিভিন্ন ধৰণৰ লাইট, ফুল আৰু টেবুলত ৱাইন ৰাখি প্ৰেমিকাক আনিবলৈ যাওতেই সংঘটিত হয় ঘটনাটো । ইয়াৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনী আহি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অৱশ্যে যুৱকজন থকা এপাৰ্টমেণ্টত কোনো ধৰণৰ ক্ষয়ক্ষতিৰ সন্মুখীন হোৱা নাই বুলি জানিব পৰা গৈছে ।

ইফালে অগ্নি নিৰ্বাপক বাহিনীয়ে এই সমগ্ৰ বিষয়টো ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰে ৷ ইয়াৰ পিছতে বহু লোকে এই ঘটনাটোত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ অৱশ্যে সকলো জ্বলি ছাৰ খাৰ হোৱাৰ পিছতো যুৱকজনে প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু তাৰ পিছতেই প্ৰেমিকাও বিবাহৰ কাৰণে সন্মতি প্ৰদান কৰে ।
প্ৰেমৰ

Exit mobile version