মহামাৰীৰ সমান্তৰালভাৱে ক্ৰমাৎ অতপালি বৃদ্ধি পাইছে চীনৰঃ আমেৰিকা প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰ

Xi Jinping Reuters L

China Vice-President Xi Jinping stands during a trade agreement ceremony between the two countries at Dublin Castle in Dublin, Ireland February 19, 2012. REUTERS/David Moir (IRELAND - Tags: POLITICS BUSINESS HEADSHOT) - RTR2Y43M

মহামাৰীৰ সময়ত চীনৰ অতপালি বৃদ্ধি পাইছে ৷ চীনে ভাৰতৰ বিৰুদ্ধে এলএচিত সেনা নিয়োগ কৰিছে । বিগত সাত মাহত চীনে যিবোৰ কাৰ্য কৰিছে তাৰ পৰা প্ৰমাণ হয় যে দেশখনে আন্তৰাষ্ট্ৰীয় নিয়ম আৰু আইন নামানে ৷ চীনক লৈ এইদৰে সৰৱ হৈ পৰিল আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰ ৷ এস্পৰে লগতে কয় যে চীনে মহামাৰীৰ সুযোগ লৈ প্ৰ’পাগাণ্ডা বিয়পাইছে ৷ চীনৰ সকলো কাৰ্য এতিয়া প্ৰয়োজনতকৈ অধিক হৈ পৰিছে ৷ সম্প্ৰতি দক্ষিণ চীন সাগৰতো নিজৰ প্ৰতিপত্তি দেখুৱাবলৈ চেষ্টা কৰিছে চীনে ৷

ইফালে ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাত হোৱা বিবাদৰ প্ৰসংগত এস্পৰে কয় যে চীনে এলএচিত সেনাৰ সংখ্যা বৃদ্ধি কৰিছে ৷ এইয়া আন্তঃৰাষ্ট্ৰীয় আইন কানুনৰ পৰিপন্থী নহয়। সম্প্ৰতি অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনে চীনৰ বহু কোম্পানীক নিষিদ্ধ কৰিছে । ভাৰতেও চীনৰ বহু কেইটা এপ ইতিমধ্যে নিষিদ্ধ কৰিছে ৷ দক্ষিণ চীন সাগৰৰ প্ৰসংগক লৈ এস্পৰে কয় “চীনে দক্ষিণ চীন সাগৰৰ প্ৰায়সমূহ অঞ্চল নিজৰ বুলি দাবী কৰিছে ৷ চীনৰ দাবী যে সমুদ্ৰ অঞ্চলৰ কিছুমান অঞ্চল প্ৰায় ১০০ বছৰৰ পৰা চীনৰ অধীনত  ৷ চীনে ভিয়েটনাম আৰু ফিলিপাইনছৰ খনিজ পদাৰ্থ খননতো বাধা প্ৰদান কৰিছে ৷

উল্লেখযোগ্য যে ভাৰত চীন সীমান্তৰ হোৱা যুদ্ধত ভাৰতৰ প্ৰায় ২০ জন সেনাৰ শ্বহীদ হৈছিল । আনহাতে চীনৰ কমেও ৪০ জন সেনা নিহত হোৱাৰ তথ্য পোৱা গৈছিল। ইয়াৰ পিছত চীন ভাৰতৰ সীমান্তত ইখনৰ পিছত সিখন সেনাৰ উচ্চস্তৰৰ বৈঠক অনুষ্ঠিত হৈছিল ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও গৈ ভাৰত চীন সীমান্ত পৰিদৰ্শন কৰি হুংকাৰ দিছিল চীনক । কিন্তু হ’লেও অতপালি ৰোধ হোৱা নাই ৰঙা চীনৰ ৷ ইয়াৰ মাজতে ভাৰতে চীনৰ প্ৰায়বোৰ বস্তু নিষিদ্ধ কৰাৰ সমান্তৰালভাৱে চীনৰ বহু এপ নিষিদ্ধ কৰে ভাৰতত ৷

Exit mobile version