সৰযুৰ পাৰত স্বৰ্ণযুগৰ সূচনা

1596611325 pm modi in ayodhya 18 e1596611334293

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত অযোধ্যাৰ সৰযু নৈ পাৰৰ ভূমিত ৰূপোৱালী ইটাৰে সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা অনুষ্ঠান ৷ ১৯৯০ ত অযোধ্যাত দেশজুৰি ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ অন্যতম উদ্যোক্তা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৩০ বছৰহ বুধবাৰে মোদীৰ হাতেৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি পৰ্বৰ সূচনা হ’ল মহা আড়ম্বৰৰী ৷ ৪০ কিলোগ্ৰাম ওজনৰ ৰূপৰ ইটা গাঠি ভূমি পূজাৰ মাধ্যমেৰে ৰাম মন্দিৰ নিৰ্মাণ সূচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷

প্ৰধানমন্ত্ৰীৰ মুখত কেৱল উচ্চাৰিত হ’ল ৰাম চৰিত আৰু ঐক্য সংহতিৰ বাৰ্তা ৷ অনুষ্ঠানত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মন্তব্য কৰিলে “নতুন ভাৰতত সূচনা হ’ল নৱযুগৰ” ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যিকোনো অসম্ভৱৰ শান্তিপূৰ্ণ সমাধান কৰিবলৈ সক্ষম ।

উল্লেখযোগ্য যে  বুধবাৰে দিনৰ প্ৰায় ১১ বজাত অযোধ্যাৰ আকাশত মোদীৰ হেলীকপ্তাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে কাৰ্যতঃ সমগ্ৰ অযোধ্যা উল্লাসত মত্ত হৈ পৰে । কাৰণ এই অনুষ্ঠানৰ মধ্যমণি আছিল প্ৰধানমন্ত্ৰী মোদী । ১১ বজাত ছাকেট কলেজৰ খেলপথাৰত তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাছত তেওঁক আদৰণি জনায় মুখ্যমন্ত্ৰী আদিত্যনাথে ৷ তাৰ পৰা প্ৰধানমন্ত্ৰী হনুমানগঢ়ী মন্দিৰত পূজা আগবঢ়াবলৈ যায় । মন্দিৰৰ কৰ্তৃপক্ষই তেওঁক দিয়ে বস্ত্ৰ আৰু ৰূপৰ মুকুট ।

ইয়াৰ পাছত ৰামললা দৰ্শন কৰে মোদীয়ে। তাৰ পৰা তেওঁ যায় ৰাম জন্মভূমিলৈ ৷ তাৰ পৰা ঘড়ীৰ কাটা অনুসৰি এটা এটাকৈ সমস্ত ধৰ্মীয় কাৰ্য কৰি তেওঁ মঞ্চত উপবিষ্ট হয় । সৰযু নদীৰ পাৰত স্বৰ্ণযুগৰ সূচনা হ’ল ৷ অযোধ্যাত ৰামমন্দিৰৰ শিলন্যাসৰ দিনটোক এইদৰে ব্যাখ্যা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় বহু বছৰ জুৰি শিবিৰত মুখ গুজি আছিল ৰামললাই । এইবাৰ তেওঁৰ বাবে সুবিশাল মন্দিৰ নিৰ্মাণ হ’ব ৷

বুধবাৰৰ দিনটোক স্বাধীনতা দিৱসৰ লগত তুলনা কৰি মোদীয়ে কয় “সমগ্ৰ দেশে স্বাধীনতা সংগ্ৰামত যোগ দিছিল ৷ মন্দিৰৰ বাবেও বহুতে বলিদান দিছে । ইমানদিন তেওঁলোক অপেক্ষা কৰিবলগীয়া হ’ল । ১৫ আগষ্ট স্বাধীনতাৰ প্ৰতীক ৷ আজিৰ দিনটো ত্যাগ, সংকল্প আৰু সংযমৰ প্ৰতীক ৷

লগতে মোদীয়ে অযোধ্যাত লোকসকলক সম্বোধন কৰি কয় “মোৰ ইয়ালৈ অহাটো স্বাভাৱিক ৷ আজি সোমনাথৰ পৰা বিশ্বনাথ,বোধগয়াৰ পৰা সাৰনাথ,অমৃতসৰৰ পৰা কাশী বিশ্বনাথলৈ সকলো ৰাম ময় হৈ পৰিছে। কোটি কোটি ভাৰতীয়লৈ এই ঐতিহাসিক মূহুৰ্তৰ পৰাই প্ৰণাম তথা শুভেচ্ছা ৷ আজি সমগ্ৰ ভাৰত আবেগিক হৈ পৰিছে ৷ কোটি কোটি লোকৰ বছৰ বছৰ যোৱা অপেক্ষাৰ আজি অন্ত পৰিল । মোৰ সোভাগ্য যে মোক ৰাম জন্মভূমি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনালে ৷ গতিকে ৰাম মন্দিৰৰ ট্ৰাষ্টলৈ ধন্যবাদ জ্ঞাপন কৰিলো ।” লগতে মোদীয়ে কয় যে ভাঙি গৈ পুনৰ গঠন হোৱা পৰম্পৰাৰ যেন বহিঃপ্ৰকাশ ৰাম মন্দিৰ ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ পৰিধানত আছিল ছিল্কৰ কুৰ্তা আৰু বগা ধূতি ৷ তেওঁ শিলন্যাস কৰাৰ সময়চোৱাত জয় শ্ৰীৰাম, জয় সীয়াৰাম, ভাৰত মাতা কি জয়, হৰ হৰ মহাদেৱ আদি ধৰ্বনিৰে উপচি পৰে অনুষ্ঠানস্থলী । ইপিনে অনুষ্ঠানলৈ আমন্ত্ৰিত ১৭৫ জন অভ্যাসগতই সম্পূৰ্ণ সামাজিক বিধি মানি চলা পৰিলক্ষিত হয় । অতিথিসকলৰ বহুতৰে বয়স ৬৫ উধ্বৰ ৷ দীৰ্ঘদিনীয়া আইনী যুঁজ, বিতৰ্কৰ অন্তত অৱশেষত বুধবাৰে অযোধ্যাত এইদৰে সম্পন্ন হ’ল ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি । এই দিনটো দেশবাসীৰ বাবে ঐতিহাসিক মূহুৰ্ত ৰৈ ৰ’ল ৷

Exit mobile version