ৰাম মন্দিৰক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

Tarun Gogoi

ৰাম মন্দিৰৰ ভূমিপূজনৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেল যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে ২০২০ ৰ পাঁচ আগষ্ট দিনটোক নিসন্দেহে এক ঐতিহাসিক দিন হিচাপে ধৰি লোৱা হ’ব । কাৰণ এই দিনটোতে বিভিন্ন পক্ষৰ সংঘৰ্ষৰ পিছত একতা তথা শান্তি বাৰ্তা কঢ়িয়াই আনিছে ৰাম মন্দিৰে ৷ ভগৱান ৰাম দয়া, কৰুণা আৰু ন্যায়ৰ প্ৰতীক ৷ লগতে এখন দেশৰ ৰাষ্ট্ৰীয় একতা, অখণ্ডতা আৰু সামাজিক ন্যায়ৰ প্ৰতীক ৷ সম্প্ৰতি সকলো সম্প্ৰদায়ে শান্তিপুৰ্ণভাৱে,সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণ সৃষ্টি কৰি একতাৰ বান্ধৰে আগুৱাই যাব লাগিব ৷

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এই সময়ত ৰামভক্ত জাতিৰ পিতা মহাত্মা গান্ধীক সুৱঁৰি কয় যে ৰামভক্ত মহাত্মা গান্ধীয়ে সদায় সদ্ভাৱ, শান্তিৰ কাৰণে বিশেষকৈ মুছলমান আৰু দলিত সকলৰ পক্ষে সংঘৰ্ষ কৰিছিল । ইয়াৰোপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অযোধ্যাৰ বাবৰি মছজিদৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি হিন্দুসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছিল । তেওঁ গান্ধীজী ৰামৰাজ্যৰ সপোন পূৰণৰ সপোন দেখিছিল যদিও দুৰ্ভাগ্যজনক ভাৱে আজি ৰাম নামৰ সুযোগ লোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে  ৷

প্ৰধানমন্ত্ৰী মোদীয়ে ৰামৰ বিচাৰ, আদৰ্শৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছে ৷ কিন্তু আমি সকলোৱে বিচাৰো যে ভাৰতৰ বিভিন্ন সংস্কৃতি, ভাষা আদিৰ দ্বাৰা সৰ্বাংগীণ উন্নতি হওক ৷ যাতে সকলোৱে শান্তি পূৰ্ণ ভাৱে জীয়াই থাকিব পাৰে ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে বাবৰি মছজিদ আৰু ৰাম মন্দিৰক লৈ দুটা পক্ষৰ মাজত হৈ থকা বাদানুবাদ শেষ কৰি এক আধুনিক, প্ৰগতিশীল ভাৰত গঢ়াৰ বিষয়ে মত প্ৰকাশ কৰে ৷

Exit mobile version