কাশ্মীৰ সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত মহিলা জোৱান

Screenshot 23 1

জম্মু-কাশ্মীৰ সীমান্তত নিৰাপত্তাৰক্ষীৰ ৰূপত অৱতীৰ্ণ হ’ল নাৰী শক্তি । জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত অসম ৰাইফলছ ‘ৰাইফল ৱমেন’ নিয়োগ কৰাৰ লগে লগে কাশ্মীৰৰ নিৰাপত্তাৰক্ষীৰ ক্ষেত্ৰত ৰচিত হ’ল এক ইতিহাস।এই সকল মহিলা নিৰাপত্তাৰক্ষীয়ে সমুদ্ৰপৃষ্ঠৰ ১০ হেজাৰ ফুট উচ্চতাত দেশমাতৃক সেৱা আগবঢ়াব।পাক অধিকৃত কাশ্মীৰৰ তিফঅ’ৱাল আৰু তংধৰৰ মাজত আছে ৪০ খন গাঁও। বিভিন্ন কাম-কাজৰ বাবে বহুতো গাড়ী ইপাৰ-সিপাৰ হয় । বহুতো মহিলাও ইপাৰ-সিপাৰ হৈ থাকে ।

পিছে নিৰাপত্তাত থকা জোৱান সকলে মহিলা সকলক তালাচী চলাব নোৱাৰে ।ইয়াৰে সুযোগ লৈ মহিলা সকলে জালনোট, অস্ত্ৰ ,মাদক দ্ৰব্য আদি বোৰ্খাৰ আঁৰত সৰবৰাহ কৰিব পাৰে । বোৰ্খাৰ আঁৰতেই সন্ত্ৰাসবাদীও উক্ত অঞ্চলত প্ৰৱেশ কৰিব পাৰে । এনে কাৰ্যৰ প্ৰতিৰোধৰ বাবেই উক্ত অঞ্চলটোত মহিলা জোৱান নিয়োগ কৰা হৈছে । ইতিমধ্যে এইসকল জোৱানে স্থানীয় লোকসকলৰ স’তে মিলামিছা কৰিছে । স্থানীয় লোক সকলৰ স’তে হাঁহি-তামাচা কৰি সকলোৰে প্ৰিয়ভাজন হোৱাৰ ছবি সামাজিক মাধ্যমত প্ৰকাশ পাইছে ।

Exit mobile version