কেৰেলাত ভূমিস্থলনৰ ফলত ১৫ জনৰ মৃত্যু

rajamalamudslide

কেৰেলাৰ ইডুক্কি জিলাৰ ৰাজমলা অঞ্চলত আজি পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত ভূমিস্থলন সংঘটিত হয়। ভূমিস্থলনত মৃতকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পায় । এন ডি আৰ এফ বাহিনীৰ দ্বাৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বাকী ১৫ জনৰ অৱস্থা বৰ্তমান সংকটজনক আৰু তেঁওলোকক বৰ্তমান মুন্নৰৰ টাটা জেনেৰেল হাস্পতালত চিকিৎসাধীন অৱস্থাত ৰখা হৈছে ।

চিকিৎসাৰ সকলো খৰছ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰাৰ লগতে মৃত লোকসকলৰ পৰিয়াললৈ ৫লাখ টকাৰ সাহাৰ্য্য প্ৰদান কৰিব বুলি কয় কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰয়ী বিজয়নে । লগতে এই সন্দৰ্ভত তেওঁ কয় যে, ইডুক্কি জিলাৰ ৰাজমলা অঞ্চলত নিশাৰ কামৰ বাবে ৫০ জনীয়া এক শক্তিশালী টাস্ক ফৰ্চৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version