চিৰাঙত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩২৭ জনলৈ বৃদ্ধি

123597 coronavirus 2

চিৰাঙত দৈনিক বৃদ্ধি পাব ধৰিছে কৰ’নাৰ সংক্ৰমণ | শুকুৰবাৰ দিনটোত পুনৰ ২৩জনৰ দেহত ইয়াৰ উপস্থিতি ধৰা পৰিছে | জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে শুকুৰবাৰে পজিটিভ পোৱাসকলৰ ভিতৰত ১৩ জনেই বৰতালোৱা বজাৰৰ । বৰতালোৱা বজাৰত শুকুৰবাৰে ১৭৯ জন লোকৰ মাজত কৰা ৰেপিড টেষ্টত ১৩ জনৰ দেহত অৱস্থিতি ধৰা পৰে ।

বৰ্তমান জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩২৭ জনলৈ বৃদ্ধি পালে । ইয়াৰে ১০২ জন কাজলগাঁওৰ অসামৰিক হাস্পতালত আৰু কাশিকত্ৰা মডেল হাস্পতালত আৰু চুভাইঝাৰ মডেল হাস্পতাল চিকিৎসা প্ৰদান কৰা হৈছে| ১৯০ জন সুস্থ হোৱাত ঘৰলৈ যাবলৈ দিয়া হৈছে । ইফালে জিলাখনত এতিয়া মুঠ ৪২৪ গৰাকী ব্যক্তিক হ’ম কোৱাৰেন্টাইন কৰি ৰখা হৈছে বুলি জিলা স্বাস্হ্য বিভাগৰ সূত্ৰটোৱে জনাইছে ।

Exit mobile version