পোকৰ পৰা চীনত নতুন ভাইৰাছ

images 93

বিশ্বজুৰি ক’ভিড-১৯ৰ সংক্ৰমণক লৈ ব্যাপক চৰ্চা হৈ থকাৰ সময়তে পুনৰ নতুন ভাইৰাছে প্ৰাণ ল’লে সাতজনকৈ লোকৰ। ক’ভিড-১৯ সৃষ্টিক লৈ কে’বাখনো দেশে চীনলৈ আঙুলি টোঁৱাই থকাৰ সময়তে এতিয়া ড্ৰেগনৰ দেশত নতুন ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে । এটি বিশেষ পোকৰ পৰা এই নতুন ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ তথ্য লাভ কৰাৰ পাছত চীনৰ বিশেষজ্ঞ সকলে অৱশ্যে ইয়াৰ পৰা গণ সংক্ৰমণৰ আশংকা নাই বুলি মন্তব্য কৰিছে।

দেশখনৰ ৬০ গৰাকী লোক এইবিধ ভাইৰাছৰ দ্বাৰা ইতিমধ্যে আক্ৰান্ত হৈছে। দেশখনৰ নানজিঙৰ এগৰাকী মহিলা দীৰ্ঘদিন ধৰি জ্বৰ , চৰ্দি, কাহ আদিত আক্ৰান্ত হোৱাত এমাহ ধৰি এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল। সেই সময়তে পৰীক্ষাত মহিলাগৰাকীৰ শৰীৰত নতুন ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে। এমাহ পাছতে মহিলাগৰাকী সুস্থ হৈ নিজ গৃহলৈ ওভতে ।

বিশেষজ্ঞসকলৰ মতে, আক্ৰান্ত পোকৰ সংস্পৰ্শলৈ আহিলে ভাইৰাছবিধ মানৱ শৰীৰত প্ৰৱেশ কৰে। অৱশ্যে চিকিৎসসকলৰ মতে এই ভাইৰাছবিধ নতুন নহয়। ২০১১তে এই ভাইৰাছবিধৰ সন্ধান পোৱা গৈছিল। ভাইৰোল’জিষ্টসকলৰ মতে, তেজ অথবা খেকাৰৰ মাধ্যমেদি এই ভাইৰাছবিধ শৰীৰত প্ৰৱেশ কৰে। পাছত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহিলে আনজন সংক্ৰমিত হোৱাৰ আশংকা থাকে। চীনৰ জিয়াং বিশ্ববিদ্যালয়ৰ চিকিৎসকলে এই ভাইৰাছবিধৰ পৰা গণ সংক্ৰমণৰ আশংকা নাই বুলি মন্তব্য কৰিছে।

Exit mobile version