কৰ’নামুক্ত হ’ল বলিউড অভিনেতা অভিষেক বচ্চন

9881406a 1

কৰ’না মুক্ত গ’ল বলিউড অভিনেতা অভিষেক বচ্চন।যোৱা ১১ জুলাইত অমিতাভ বচ্চন আৰু অভিষেক বচ্চন দুয়োৰে ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ অহাত মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিল অমিতাভ বচ্চন ।

আজি সুদীৰ্ঘ ২৯দিনৰ মূৰত হাস্পতালৰ পৰা নিজ গৃহলৈ উভতিব অভিনেতা অভিষেক বচ্চন ।আজি পুনৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত উৎফুল্লিত হৈ উঠিছে অভিনেতা গৰাকী । ইনষ্টাগ্ৰামত তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য লিখা ব’ৰ্ড খনৰ ফটো শ্বেয়াৰ কৰে।

অভিনেতা গৰাকীয়ে কয়,’ আজি ক’ভিড পৰীক্ষাৰ ফলাফল মোৰ নিগেটিভ আহিছে।মোৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰা সকলো শুভাকাংক্ষী আৰু মোৰ পৰিয়ালবৰ্গলৈ ধন্যবাদ জনাইছো।লগতে নানাৱতী হাস্পতালৰ চিকিৎসক -স্বাস্থ্য কৰ্মী সকলক ধন্যবাদ।তেওঁলোকৰ কষ্ট আৰু পৰিচৰ্যাক সন্মান জনাই তেওঁলোকৰ কৃতজ্ঞতা স্বীকাৰ কৰিছো ।

‘ইপিনে সুস্থ হৈ পুত্ৰ ঘৰলৈ উভতাত আনন্দিত হৈ উঠে পিতৃ অমিতাভ বচ্চন।অভিষেকৰ কভিড পৰীক্ষাৰ ফলাফল নিগেটিভ । হাস্পতালৰ পৰা তেওঁক ‘ডিচার্জ ‘ দিয়া হৈছে ।সকলো শুভাকাংক্ষীলৈ অশেষ ধন্যবাদ ।’এইদৰে টুইট যোগে আনন্দ প্ৰকাশ কৰিছে বিগ বি অমিতাভ বচ্চনে।

Exit mobile version