সাম্প্ৰদায়িকতাই চুব নোৱাৰে বছিৰ,বাবুল খানহতঁক

ayodhya3

অযোধ্যাৰ ৰাম মন্দিৰক লৈ বিভিন্ন গুণাগথা চলিছে ।ইয়াৰ মাজত অযোধ্যাত এখন সৰু জোতাৰ দোকান দি ব্যৱসায় কৰি থকা ৬১ বছৰীয়া বছিৰ আহমেদে ৰাম মন্দিৰৰ সন্দৰ্ভত নিজৰ ভাব ব্যক্ত কৰিছে ৷অযোধ্যাৰ বাবু বজাৰত অৱস্থিত তথা ৰাম মন্দিৰৰ স্থানৰ পৰা ৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত বছিৰৰ দোকান খন বাঁহ,কাঠেৰে নিৰ্মিত ৷ ৰাম মন্দিৰৰ নিৰ্মাণৰ সপোন দেখা বছিৰে কয় “ৰাম মন্দিৰ নিৰ্মাণৰ সপোনৰ লগতে ইয়াৰ পৰ্যটন ক্ষেত্ৰলৈও পৰিৱৰ্তন আহিব ৷ লগতে ইয়াৰ অন্যান্য ব্যৱসায়ীসকলৰ লগতে মুছলমান ব্যৱসায়ীসকলৰ জীৱনলৈ বহু পৰিৱৰ্তন আহিব ৷”

অযোধ্যাৰ সহজ সৰল বছিৰৰ মনত নাই কোনো সাম্প্ৰদায়িকতাৰ কোনো বীজ। অযোধ্যাৰ অন্যান্য লোকসকলৰ দৰে বছিৰ সপোন জৰিত হৈ আছে ৰাম মন্দিৰ নিৰ্মাণৰ লগত ৷কিন্তু কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া তলাবন্ধই সকলো ওলট পালট কৰি দিলে ৷ বছিৰ দোকানৰ ব্যৱসায় ইমানেই বেয়াৰ ফালে গতি কৰিলে যে তেওঁৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা পুত্ৰই সম্প্ৰতি শিক্ষা শেষ কৰিবলৈ মন মেলিছে ৷

ইফালে পাঁচ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ৰাম মন্দিৰে অযোধ্যাৰ আৰ্থিক ক্ষেত্ৰত লক্ষ্যণীয়ভাৱে পৰিৱৰ্তন আনিব ৷ এই সন্দৰ্ভত বছিৰে কয় যে এইয়া বহুত সুখৰ কথা যে প্ৰধানমন্ত্ৰী অযোধ্যালৈ আহি সকলোকে আত্মনিৰ্ভৰশীল হ’বলৈ উদগনি দিছে ৷অযোধ্যাৰ দৰে এখন নগৰত সৰু সৰু ব্যৱসায়ীসকলৰ মাজত দিয়া মোদীৰ এটা এটা শব্দ জীৱনৰেখাতকৈ কোনো গুণে কম নহয়।

আনহাতে অযোধ্যাৰ আন এজন ব্যৱসায়ী বাবুল খানৰ মতে অযোধ্যাৰ সকলোৱে ২০১৯ ত উচ্চতম ন্যায়ালয়ে দিয়া আদেশক স্বাগতম জনাইছে ৷ যিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে পথ প্ৰশস্ত কৰিছিল ৷”আমি সদায় অযোধ্যাক শান্তি আৰু প্ৰগতিৰ চহৰ বুলি মানি আহিছো ৷এই মন্তব্য বাবুল খানৰ ৷অৱশ্যে বাবুল খানে অযোধ্যাৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত সমৃদ্ধি আৰু আশা এতিয়াও দেখা নাই বুলি কয় ৷ কাৰণ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই নমাহ অতিক্ৰম কৰিলেও বাবুল খানহতঁৰ ব্যৱসায়ত কোনো পৰিৱৰ্তন অহা নাই ।

ইফালে তলাবন্ধই সৰু সৰু ব্যৱসায়ীসকলৰ ব্যৱসায়ক একেবাৰে শোচনীয়তাৰ খালে লৈ গৈছে। সম্প্ৰতি পথৰ পুনৰ মেৰামতিৰ কাৰণে দোকানসমূহক উচ্ছেদ কৰিলে অযোধ্যাৰ সেই ব্যৱসায়ীসকলৰ ব্যৱসায় পুনৰ এবাৰ ক্ষতি হোৱাৰ আশংকা কৰিছে তেওঁলোকে । বাবুলৰ মতে অযোধ্যাৰ সংবাদকৰ্মীসকলেও স্থানীয় ব্যৱসায়ীসকলৰ সমস্যাক লৈ কোনো প্ৰতিক্ৰিয়া নেদেখায় ৷তেওঁলোকে কেৱল মন্দিৰক লৈয়ে ব্যস্ত থাকে ৷

উল্লেখযোগ্য যে এইয়া কেৱল বছিৰ বা বাবুল খানৰ মনৰ কথা নহয় ।এইয়া অযোধ্যাত ৰাম মন্দিৰৰ আশে পাশে থকা প্ৰত্যেকজন সৰু সৰু ব্যৱসায়ীৰ মনৰ কথা ৷জাতি ধৰ্ম,বৰ্ণ অথবা সাম্প্ৰদায়িকতা পাহৰি অযোধ্যাত একোখনকৈ সৰু ব্যৱসায়িক প্ৰতিষ্ঠান দি দুবেলা দুমুঠি যোগোৱা এই সকল লোকে আশা কৰিছে অনতিপলমে নিৰ্মাণ হওক ৰাম মন্দিৰ।

Exit mobile version