সুখবৰঃ২২৫ টকাত উপলব্ধ হ’ব কৰ’না ভাইৰাছৰ ঔষধ

coronavirus test

ভাৰতৰ লগতে অন্য ৯২ খন দেশত ২২৫ টকাতে উপলব্ধ হ’ব চিৰাম ইনষ্টিটিউটতে প্ৰস্তুত কৰা কৰ’নাৰ নতুন ভেকচিন ৷ভেকচিনটো মানৱ দেহত পৰীক্ষণৰ পিছতে বজাৰত উপলব্ধ হ’ব পাৰে ৷ দেশত সম্প্ৰতি অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে নিৰ্মাণ কৰা চিৰাম ইনষ্টিটিউটৰ পৰা অহা নিত্য নতুন খবৰে দেশবাসীৰ মাজত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ভেকচিনৰ বিতৰণ ক’ভিড ১৯ ৰ আধাৰত কৰা হৈছে ৷

স্কীমৰ লক্ষ্য হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে সমগ্ৰ বিশ্ববাসীক ক’ভিড১৯ ৰ ভেকচিন প্ৰদান কৰা ।কোভেক্স স্কীমৰ লক্ষ্য হৈছ ২০২১ লৈকে ২০০ কোটি ভাৰতীয়ক ভেকচিন উপলব্ধ কৰোৱা। অক্সফৰ্ড ইউনিভাৰ্চিটি আৰু এক্সট্ৰাজেনেকা কোম্পানী ভাৰতৰ চিৰাম ইনষ্টিটিউটৰ লগত যৌথভাৱে মিলি ভেকচিন তৈয়াৰ কৰি আছে ৷ভাৰতত এই ভেকচিন কোভিশ্বিল্ড নামেৰে লন্স হ’ব ৷

আনহাতে এইমছ দিল্লী জোধপুৰ,পুণেৰ বিজে মেডিকেল কলেজ,পাটনাৰ ৰাজেন্দ্ৰ মেমোৰিয়েল ৰিচাৰ্ছ ইনষ্টিটিউট অৱ মেডিকেল চাইন্স,মেইচুৰ জে এছ এচ একাডেমি আৰু হায়ৰ এডুকেছন এণ্ড ৰিচাৰ্ছ,গোৰখপুৰৰ নেহুৰু হস্পিতাল,বিশাখাপট্টনমৰ অন্ধ্ৰ মেডিকেল কলেজ আৰু চণ্ডীগড়ৰ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল এডুকেছন এণ্ড ৰিচাৰ্ছো কৰ’না ভাইৰাছৰ ভেকচিনৰ সূচীত অন্তভূক্ত আছে ৷

ইফালে এই ভেকচিনৰ পৰীক্ষণ বিট্টেইন,দক্ষিণ আমেৰিকা আৰু ব্ৰাজিলত কৰা হৈছে। ভাৰতত এই ভেকচিনৰ পৰীক্ষণ মুম্বাই আৰু পুণেত আগষ্টৰ শেষত আৰম্ভ হ’ব ৷ভাৰতত এই ভেকচিন কোভিশ্বিল্ড নামেৰে লন্স হ’ব ৷কোম্পানীৰ চিই অ’ অডাৰ পুনাৱালাই কয় যে যদি ভেকচিনৰ পৰীক্ষণ সফল হয় ৷তেন্তে ২০২১ ৰ ৩০-৪০ হাজাৰ ভেকচিন তৈয়াৰ হ’ব। ভেকচিন চলিত বৰ্ষত শেষত উপলব্ধ হ’ব। উল্লেখযোগ্য যে মেডিকেল সংবাদপত্ৰ দ্য লেচেন্টৰ মতে এই ভেকচিন সম্পূৰ্ণৰূপে সুৰক্ষিত ৷

Exit mobile version