‘ঘৰলৈ উভতিছো’-বিমানত বহিয়েই অন্তিম ফেচবুক প’ষ্ট

Screenshot 27

‘ঘৰলৈ উভতিছো’ বুলিও অৱশেষত ঘৰলৈ ওভতা নহ’ল কেৰেলাৰ যুৱকৰ ।কৰ্মসূত্ৰে ডুবাইত আছিল কেৰেলাৰ ৩৫বছৰীয়া ছৰাফু পিলাছেৰি ।সুদূৰ ডুবাইৰ পৰা দীর্ঘদিনৰ পাছত নিজৰ পৰিচিত ঘৰখন দেখাৰ আনন্দই যেন কুলাই পাচিয়ে নধৰা হৈছিল যুৱকজনৰ।কিন্তু বিমান অৱতৰণৰ কিছু সময়ৰ আগতেই কড়িক’ড়ৰ কাৰিপুৰত থকা কালিকট আন্তৰ্জাতিক বিমানকোঠৰ ৰাণৱে’ত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱকজনে । দুবছৰৰ ভিজাৰ ম্যাদ ইতিমধ্যে শেষ হৈছিল পিলাছেৰিৰ ।

অৱশ্যে কৰ’না পৰিস্থিতিৰ বাবে তেওঁ স্বদেশলৈ উভতি অহাৰ বাবে বহুদিন ধৰিয়ে চেষ্টা অব্যাহত ৰাখিছিল । অৱশেষত স্বাস্থ্য সম্পৰ্কীয় ভিত্তিত বন্দে ভাৰত অভিযানৰ সৌজন্যত তেওঁ পত্নী আৰু কন্যাৰ স’তে কালি গৃহাভিমুখী এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমানত উঠিছিল । বিমানৰ আসনত বহি ঘৰলৈ ওভতাৰ আনন্দ তেওঁ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিল । পত্নী আৰু কন্যা সন্তানৰ স’তে ছেল্ফী উঠি ফেচবুকত প’ষ্ট কৰি লিখিছিল, ‘ঘৰলৈ উভতিছো ।’

অথচ পিলাছেৰিয়ে তেতিয়াও উপলব্ধি কৰিব পৰা নাছিল যে তেওঁ অন্তিম যাত্ৰাৰ বাবেহে অভিশপ্ত বিমানখনত উঠিছিল । কিন্তু মৰমৰ ঘৰ খনলৈ উভতা নহ’ল পিলাছেৰিৰ ।  পিলাছেৰিৰ আকস্মিক মৃত্যুত দুখ প্ৰকাশ কৰে তেওঁৰ সতীর্থ সকলেও । তলাবন্ধত কেৰেলাৰ দুৰ্গতসকলৰ বাবে ডুবাইত বহিয়ে অৰ্থ সাহাৰ্য দিছিল পিলাছেৰিয়ে। পিলাছেৰিৰ মৰ্মান্তিক পৰিণতিৰ বাবে দুখপ্ৰকাশ কৰি ফেচবুকত এই কথা সদৰী কৰিলে তেওঁৰ ঘনিষ্ঠ সতীৰ্থ ছাফিয়ে । নিহত পিলাছেৰিৰ পত্নী আমিনা সম্প্ৰতি বিপদমুক্ত হ’লেও একমাত্ৰ সন্তান শিশু ফাতিমাই এতিয়াও মৃত্যুৰ স’তে সংগ্ৰাম কৰি আছে কড়িক’ড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।

Exit mobile version