পজিটিভ নিগেটিভৰ দোমোজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

amit shah 1

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সম্প্ৰতি গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ এই সময়তে আজি বিজেপি সাংসদ মনোজ তিৱাৰীয়ে পুৱা টুইটাৰ যোগে প্ৰকাশ কৰে যে অমিত শ্বাহৰ কৰ’নাৰ ফলাফল নিগেটিভ আহিছে ৷ ইয়াৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙেও ৰিটুইট কৰি কয় যে অমিত শ্বাহৰ কৰ’না ভাইৰাছৰ পৰীক্ষা নিগেটিভ আহিছে এই খবৰটোৱে সকাহ দিলে ৷

ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে প্ৰকাশ কৰে “গৃহমন্ত্ৰী অমিত শ্বাহৰ কৰ’না পৰীক্ষা এতিয়ালৈকে হোৱা নাই।” অৱশ্যে ইয়াৰ পিছতেই মনোজ তিৱাৰী আৰু জীতেন্দ্ৰ সিঙে নিজৰ টুইট ডিলিট কৰি দিয়ে । আনহাতে “গৃহ মন্ত্ৰণালয়ে সংবাদমাধ্যমক সদৰী কৰা অনুসৰি “কেৱল গৃহমন্ত্ৰণালয় বা স্বয়ং গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰ একাউণ্ট বা অমিত শ্বাহে চিকিৎসা কৰা চিকিৎসালয়খনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সন্দৰ্ভত দিয়া তথ্যকহে যেন সচাঁ হিচাপে মানি লয় ৷”

উল্লেখযোগ্য যে ২ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটাৰ যোগে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছিল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় “কৰ’নাৰ প্ৰাৰম্ভিক লক্ষণসমূহ লক্ষ্য কৰি মই কৰ’না পৰীক্ষা কৰালো ৷ আৰু ইয়াৰ ফলাফল পজিটিভ আহিছে ৷ মোৰ স্বাস্থ্য ঠিকেই আছে কিন্তু চিকিৎসকৰ পৰামৰ্শমতে মই চিকিৎসাধীন হৈ আছো ৷ মোৰ অনুৰোধ যে মোৰ সংস্পৰ্শলৈ অহা লোকসকলে কৰ’না পৰীক্ষা কৰাওক ৷”

Exit mobile version