আমাৰ সমাজত হতাশা, মানসিক অৱসাদত ভূগি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰা বহুতো উদাহৰণ পাওঁ। কিন্তু চিডনীৰ বাসিন্দা আলিডা এলিজাবেথ ডিয়াৰে হতাশাক জয় কৰি সম্প্ৰতি পৰিৱৰ্তন হৈছে এগৰাকী নতুন ব্যক্তিলৈ ৷ আলিডাৰ বয়স ২৭ বছৰ ৷ চিডনীৰ বাসিন্দা আলিডাই প্ৰেমিকৰ লগত ব্ৰেকআপ হোৱাৰ পিচতে আশ্চৰ্যজনকভাৱে নিজৰ ওজন হ্ৰাস কৰি চৰ্চালৈ আহিছে ৷ কাৰণ প্ৰেমিকৰ লগত আলিডাৰ সম্পৰ্ক মধুৰ নাছিল ।
এক বিশেষ সূত্ৰ অনুসৰি আলডাৰ ৬-২৩ বছৰৰ ভিতৰত বিভিন্ন মনোভাৱ গঢ় লৈ উঠি আত্মহত্যাৰ প্ৰৱণতাও বৃদ্ধি পাইছিল । হতাশা, মানসিক অৱসাদ এইসকলোবোৰে আলডাৰ ওজন বহু পৰিমাণে বৃদ্ধি কৰাইছিল । কিন্তু খোৱা-বোৱাত লোৱা বিভিন্ন সাৱধানতাৰ পিছত আলিডাৰ স্বাস্থ্যত উন্নতি দেখিবলৈ পোৱা যায় । আৰু আলডাই আশ্চৰ্যজনকভাৱে এদিনত ৫০০০ কেলৰী ক্ষয় কৰে ৷
সম্প্ৰতি আলডা এগৰাকী নতুন ব্যক্তি ৷ আলডাই কয় “মই মোৰ প্ৰেমিকৰ লগত সুখী নাছিলো । সি মোক এৰা নাছিল । মই তেওঁক এৰিছিলো কাৰণ আমাৰ সম্পৰ্কটো মধুৰ নাছিল ।” কিন্তু প্ৰেমিকৰ লগত সম্পৰ্ক শেষ হোৱাৰ পিছত আলডাই নিজৰ ডায়েট ৰুটিন পৰিৱৰ্তন কৰে । আৰু এগৰাকী নতুন যুৱতী হৈ বিউটী প্ৰেগানেন্ট কনটেষ্টত অংশ লয় । উল্লেখযোগ্য যে হতাশা, মানসিক অৱসাদ আদিত ভুক্তভোগী একাংশ লোকৰ কাৰণে আলিডা হ’ব পাৰে প্ৰেৰণাৰ অংশ।