বিধায়ক উৎপল দত্তৰ তাণ্ডৱৰ অনুসন্ধান কৰিব অতুল বৰাই

ATUL BORA

অগপৰ সভাপতি অতুল বৰাই নিজ দলৰ বিধায়ক উৎপল দত্তই বানাক্ৰান্তৰ ওপৰত চলোৱা তাণ্ডৱৰ বিষয়টোৰ সন্দৰ্ভত সমগ্ৰ বিষয়টো ব্যক্তিগত ভাবে জানিবলৈ চেষ্টা কৰিব আৰু লগতে অনুসন্ধান কৰিব বুলি জানিবলৈ দিয়ে কৃষিমন্ত্ৰী তথা অগপ সভাপতি অতুল বৰাই । আজি পাঠশালাত এক দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত এনেদৰে মত পোষণ কৰে অগপ সভাপতি গৰাকীয়ে । তেওঁ লগতে কয় যে ৰাইজৰ ভোটেৰে আমি নিৰ্বাচিত আৰু সেয়ে জনসাধাৰণৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিবই লাগিব ।

আনহাতে পাটাছাৰকুছি সমষ্টিটো আগন্তুক নিৰ্বাচনত অগপৰ হাতত ৰাখিব নে নাই তাৰ স্পষ্ট উত্তৰ নিদিলে অতুল বৰাই । ইতিমধ্যে পাটাছাৰকুছি সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ৰণ কৌশল চলি আছে আৰু অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ দ্বিমত চলি আছে । তদুপৰি আজি অগপৰ সভাপতি গৰাকীয়ে কংগ্ৰেছ সভাপতি ৰিপুণ বৰাক সংবাদ মাধ্যমৰ আগত উভতি ধৰি প্ৰত্যাক্ৰমণ কৰে ।

অতুল বৰাই কয় যে, “সঁচা কথা কলে হেনো ৰিপুণ বৰাই বেয়া পায় । এবাৰ দিল্লীত লগ পাই হেনো তেওঁৰ বিষয়ে বেয়াকৈ নক’ব অনুৰোধ কৰিছিল ৰিপুন বৰাই । কিন্তু তিহাৰ ফেৰতৰ পৰা একো শিকিব লগা নাই বুলি কলে অতুল বৰাই । তেওঁ লগতে কয় যে আমাৰ দলৰ কথা আমি ভাবিম, তেওঁ কিয় ভাৱে ।

উল্লেখযোগ্য যে  এসপ্তাহ পূৰ্বে বজালীত আহি অগপক আই চি ইউ ত থকা বুলি মন্তব্য আগবঢ়াইছিল কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই । তদুপৰি অগপৰ সাধাৰণ পৰিষদৰ বৈঠক কেতিয়া অনুষ্ঠিত হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দলৰ কথা দলৰ মজিয়াত হে আলোচনা কৰিব বুলি অতুল বৰাই জানিবলৈ দিয়ে । একেলগে এতিয়া কৃষি বিভাগত জুবিন গাৰ্গৰ আগমনে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলিও মন্তব্য আগবঢ়ায় অতুল বৰাই ।

ইপিনে বজালীৰ বানাক্ৰান্ত কৃষকৰ কঠীয়াৰ নাটনিৰ বিষয়ে সাংবাদিকে সোধাত বানাক্ৰান্ত বজালীৰ কৃষকৰ কঠীয়াৰ সমস্যা সমাধানৰ ব্যৱস্থা ল’ব বুলিও জানিবলৈ দিয়ে তেওঁ । উল্লেখযোগ্য যে পাঠশালাত দলীয় কৰ্মী সকলৰ লগত বাৰ্তালাপ কৰাৰ আগমূহূৰ্তত অতুল বৰাই বজালীৰ ঘটবৰত মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা ছহিদ প্ৰনয় কলিতাৰ গৃহত উপস্থিত হয় । উপস্থিত হৈ তেওঁ ছহিদৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালৰ সতে মত বিনিময় কৰে আৰু পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে ।

ইয়াৰ পিছতে তেওঁ পৰিয়ালৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পৰিয়ালৰ কোনো লোকক যদি চাকৰি দিয়াৰ কথা চিন্তা কৰা হয় তেন্তে তেওঁ নিজৰ বিভাগত সহায় কৰাৰ বাবে সাজু আছে বুলি মন্তব্য কৰে । আনহাতে পাঠশালা প্ৰত্যাবৰ্তনৰ পূৰ্বে তেওঁ পাঠশালাৰ জেষ্ঠ সাংবাদিক ধ্ৰুবজ্যোতি তালুকদাৰ সদ্য প্ৰয়াত পিতৃ মোহিনী মোহন তালুকদাৰৰ বিয়োগৰ খবৰ লোৱাৰ লগতে তেওঁৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে ‌। আজি মন্ত্ৰীগৰাকীৰ স’তে অগপৰ যুৱ পৰিষদৰ নেতা তপন দাসো উপস্থিত থাকে l

Exit mobile version