বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল

BJP MLA Shiladitya Dev

হোজাই সমষ্টিৰ বি জে পিৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে জালুকবাৰী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে। কালি অসমৰ বিশিষ্ট সাহিত্যিক পদ্মবিভূষণ প্ৰয়াত চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি অভিহিত কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ তুলি সংগঠনটোৱে উক্ত এজাহাৰ দাখিল কৰিছে ।

ADVERTISEMENT

এই সন্দৰ্ভত সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্রাপ্ত সভাপতি মকবুল হুছেইনে কয়, ” বিধায়কগৰাকীয়ে প্ৰয়াত আব্দুল মালিকক জেহাদী বুদ্ধিজীৱী বুলি তাচ্ছিল্য কৰি অসমীয়া সাহিত্য জগতৰ লগতে বৃহত্তৰ অসমীয়া জাতিটোক অপমান কৰিছে । তেওঁ অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে।”

বিধায়ক গৰাকীয়ে বৃহত্তৰ অসমীয়া সমাজ খনক হিন্দু-মুছলমান হিচাপে বিভক্ত কৰিব বিচাৰিছে বুলিও হুছেইনে কয় । এয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে এক ভাবুকি স্বৰূপ বুলিও তেওঁ উল্লেখ কৰে। বিধায়ক গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৰ মুখ্য উপদেষ্টা হুকুম চান্দ আলী বক্সীয়ে দাবী জনায়।

Exit mobile version