প্ৰসংগঃসুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

newsinner 20200810071201 1

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ক্ষেত্ৰত ইডিয়ে আজি পুনৰ ৰিয়া চক্ৰৱৰ্তীক দ্বিতীয়বাৰৰ কাৰণে বিত্তীয় লেনদেনৰ সন্দৰ্ভত জেৰা কৰে। ইডিয়ে ৰিয়াৰ লগতে ভাতৃ শৌৱিক চক্ৰৱৰ্তী আৰু পিতৃক একেলগে বহুৱাই সোধপোচ কৰে ৷ইফালে ৰিয়াই বিগত সময়ত কৈছিল যে পিতৃৰ পৰা তেওঁৰ বিত্তীয় সহায় লাভ কৰি আহিছে ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি ইডিৰ বিষয়াসকলে ৰিয়াৰ পিতৃক প্ৰশ্ন কৰে যে জীয়ৰী বিত্তীয় সহায় কেতিয়া আৰু কিমান কৰিছিল ৷

লগতে ইডিয়ে ৰিয়াৰ পিতৃক প্ৰশ্ন কৰে যদি সহায় কৰিছিল তেন্তে তেওঁৰ উপাৰ্জনৰ পথ কি আছিল? ইডিয়ে ৰিয়াৰ ভাতৃ শৌৱিকক তৃতীয়বাৰৰ কাৰণে,পিতৃ ইন্দ্ৰজিতক প্ৰথমবাৰৰ কাৰণে আৰু সুশান্তৰ বিজনেছ মেনেজাৰ শ্ৰুতি মোদীক দ্বিতীয়বাৰৰ কাৰণে জেৰা কৰিছে। সুশান্তৰ একাউণ্টৰ পৰা ১৫ কোটি টকাৰ লেনদেনৰ সন্দৰ্ভত ইডিয়ে ৬ জন লোকৰ বিৰুদ্ধে ৩১ জুলাইত এজাহাৰ দাখিল কৰিছিল ৷কিন্তু প্ৰথমতে ৰিয়াই ইডিক সহযোগ কৰা নাছিল ৷

কেতিয়াবা স্বাস্থ্য ভালে নথকা বা কেতিয়াবা কোনো প্ৰশ্নৰ উত্তৰ মনত নাই বুলি গা এৰা মন্তব্য দিছিল ৷লগতে পিতৃয়ে সুশান্তৰ একাউণ্টৰ পৰা টকা উলিওৱাৰ যি অভিযোগ সেয়া মনে সজা বুলি সদৰী কৈছিল ৰিয়াই ।ৰিয়াৰ মতে তেওঁ সাতখন ছবি কৰে আৰু তাৰ পৰাই যথেষ্ট উপাৰ্জন কৰে ৰিয়াই।

উল্লেখযোগ্য যে ইডিয়ে ৰিয়াৰ তিনিটা সম্পত্তিৰ ওপৰত তদন্ত কৰিছে ।ইয়াৰ এটা আছে খাৰ অঞ্চলত,এটা জুহুত আৰু আনটো নবী মুম্বাইত আছে। এই সম্প্ৰতিৰ বজাৰৰ মূল্য হ’ব প্ৰায় ৩ কোটি ৷এক বিশেষ সূত্ৰৰ মতে ৰিয়াই এই তিনিটা সম্পত্তি ২০১৮ ৰ পিছত ক্ৰয় কৰিছে ৷ ইফালে শৌৱিক চক্ৰৱৰ্তীক ৯ আগষ্টত প্ৰায় ১৮ ঘন্টা ইডিয়ে সোধ পোচ কৰে। সাত আগষ্টত ৰিয়াৰ ভাতৃ শৌৱিকক ২ঘন্টা সোধ পোচ কৰে ।

এক বিশেষ সুত্ৰৰ মত অনুসৰি ইডিয়ে ৰিয়াৰ পৰা বিগত পাঁচ বছৰৰ কি কি কাম কৰিলে এই সকলোবোৰৰ তালিকা বিচাৰে লগতে ইনকাম টেক্সৰ সম্পূৰ্ণ তথ্য বিচাৰে। সম্প্ৰতি সকলো অনতিপলমে ইডি আৰু চিবিআইয়ে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ৰহস্য ফাদিল কৰিব বুলি আশা কৰিছে ।

Exit mobile version