হিমালয়ৰ চৌপাশত ৰাফেলৰ গৰ্জন

Rafale at Aero India 2017

শেহতীয়াকৈ ভাৰতলৈ অহা আধুনিক তথা যুজাঁৰু ৰাফেল বিমানৰ গৰ্জন হিমালয়ৰ আশে পাশে শুনিবলৈ পোৱা গৈছে।এক বিশেষ মত অনুসৰি ফ্ৰান্সৰ পৰা অনা এই যুঁজাৰু বিমানসমূহে সম্প্ৰতি অনুশীলন অব্যাহত ৰাখিছে। যাতে যিকোনো পৰিস্থিতিত শত্ৰুক ধৰাসায়ী কৰিব পাৰে। ২৯ জুলাইত ভাৰতীয় বায়ুসেনাৰ অম্বালাত উপস্থিত হোৱা ৫ খন বিমান সম্প্ৰতি সকলো প্ৰকাৰে প্ৰস্তুত হৈছে ৷ অনাগত বৰ্ষত ভাৰতলৈ আহিব লগীয়া ১৮ খন ৰাফেল বিমান অম্বালাত থকাৰ উপৰিও ১৮ খন বিমান ভূটানৰ সীমাত থাকিব ৷

ভাৰতে ফান্সৰ কোম্পানী Dassault Aviation ৰ পৰা ৩৬ খন যুজাঁৰু বিমান ক্ৰয় কৰিছে ।সম্প্ৰতি এই বিমানকেইখনৰ ভাৰতলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এজন চৰকাৰী বিষয়া মতে এতিয়া ৰাফেল বিমানকেইখনক লাডাখৰ এল এ চিৰ পৰা আঁতৰাই ৰখা হৈছে যাতে ৰঙা চীনে বিমানকেইখনৰ ফ্ৰিকুৱেন্সীৰ চিগনেল বিষয়ে একো সম্ভেদ নাপায় ৷

অৱশ্যে সেনাৰ এজন বিশেষজ্ঞৰ মতে ৰাফেল বিমান কেইখন লাডাখত অনুশীলন কৰাৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। কাৰণ এই বিমানকেইখনৰ যুদ্ধৰ দৰে পৰিস্থিতিত নিজৰ চিগনেল ফ্ৰিকুৱেন্সী পৰিৱৰ্তন কৰিব পাৰে ৷উল্লেখযোগ্য যে ইতিমধ্যে ফান্সৰ পৰা অহা যুজাঁৰু বিমান কেইখনৰ দ্বাৰা ভাৰতৰ সামৰিক শক্তি বৃদ্ধি পাব ।

Exit mobile version