নিলামত উঠিল মহাত্মা গান্ধীৰ সোণপানী চৰোৱা চশমা

mahatma

সম্প্ৰতি নিলামত উঠিছে মহাত্মা গান্ধীৰ এযোৰ বিশেষ চশমা ।স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ পূৰ্বেই এই চশমাযোৰ পৰিধান কৰিছিল মহাত্মা গান্ধীয়ে ।লণ্ডনত পঢ়ি থকাৰ সময়তে তেওঁ এই সোণপানী চৰোৱা বিশেষ চশমাযোৰ ক্ৰয় কৰিছিল।পাছত দক্ষিণ আফ্ৰিকাত এজন লোকক তেওঁ চশমাযোৰ উপহাৰ দিছিল।ইমান যুগৰ অন্তত এই চশমা যোৰৰ সন্ধান ওলাল ।
সম্প্ৰতি ব্ৰিটেইনৰ এটি সংস্থাই এই চশমাযোৰ নিলাম কৰিছে ।চশমাযোৰৰ উপৰি নিলাম হ’ব গান্ধীয়ে গুজৰাটী ভাষাত লিখা ,এখন এখন ব্যক্তিগত প্ৰাৰ্থনাৰ ডায়েৰী ,স্বাধীনতা সংগ্ৰামৰ সময়ত স্বদেশী বস্ত্ৰ তৈয়াৰৰ বাবে ব্যৱহাৰ কৰা এটা যঁতৰ আৰু তেওঁৰ একাংশ পত্ৰ ।

ইতিমধ্যে চশমা যোৰৰ মূল্য ছহেজাৰ পাউণ্ডলৈ উঠিছে।উল্লেখ্য যে ২১ আগষ্ট নিলামৰ অন্তিম দিন ।অন্তিম দিন পৰ্যন্ত চশমা যোৰৰ দাম উঠিব পাৰে ১০ হেজাৰৰো পৰা ১৫ হেজাৰ পাউণ্ডলৈ।অৰ্থাৎ ভাৰতীয় মুদ্ৰাত হ’ব ন লাখ ৮০ হেজাৰৰ পৰা ১৪ লাখ ৬৮ হেজাৰ টকা ।ভাৰতৰ পৰাও কে’বাজনো ক্রেতাই চশমাযোৰ ক্ৰয় কৰাৰ ইচ্ছাৰে নিলামত অংশ লৈছে ।

দক্ষিণ-পশ্চিম ইংলেণ্ডৰ হেনহেমৰ ইষ্ট ব্ৰিষ্টল অক্সনছৰ তৰফৰ পৰা কালি জনোৱা হয় যে গান্ধীৰ এই চশমাযোৰ লাভ কৰি তেওঁলোক অতিশয় আচৰিত হৈ পৰিছিল।কোনো অজ্ঞাত লোকে অক্সন হাউছৰ লেটাৰবক্সত খামৰ ভিতৰত ভৰাই চশমাযোৰ থৈ গৈছিল।প্ৰথমে বুজিব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত চশমাযোৰৰ ঐতিহাসিক গুৰুত্ব উপলব্ধি কৰিব পাৰি অক্সন হাউছৰ কৰ্তৃপক্ষ অবাক হৈ পৰে।

প্ৰাপ্ত তথ্য অনুসৰি ইংলেণ্ডৰ এজন প্ৰবীণ লোকৰ পৰা তেওঁলোকে চশমাযোৰ লাভ কৰিছিল।লোকজনৰ পিতৃয়ে জনাইছিল যে এই চশমা যোৰ তেওঁৰ খুড়াকে ১৯১০ ৰ পৰা ১৯৩০ ৰ ভিতৰত দক্ষিণ আফ্ৰিকাত ব্ৰিটিছ পেট্ৰ’লিয়ামৰ হৈ কাম কৰি থকাৰ সময়ত উপহাৰ স্বৰূপে লাভ কৰিছিল।

আচলতে মহাত্মা গান্ধীয়ে প্ৰায়ে নিজৰ পুৰণি তথা অপ্ৰয়োজনীয় চশমা লোকক দান কৰিছিল ।যিসকলৰ সেই চশমাৰ প্ৰয়োজনীয় আছিল ,কোনো নহয় কোনো সময়ত তেওঁ গান্ধীক কিবা প্ৰকাৰে সহায় কৰিছিল।সেইদৰেই হয়তো মহাত্মাই চশমাযোৰ লোকজনক উপহাৰ দিছিল।

Exit mobile version