সুশান্তৰ জীৱনৰ সৰু বৰ সকলো সিদ্ধান্ত লৈছিল ৰিয়াইঃ শ্ৰুতি মোদী

Shruti modi ED 2020 8 11 5 52 0 thumbnail

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত আজি অভিনেতাজনৰ মেনেজাৰ শ্ৰুতি মোদী আৰু ৰুমমেট সিদ্ধাৰ্থ পিথানীক ED য়ে সোধ পোচ কৰিছে ৷লগতে ইডিয়ে ৰিয়া চক্ৰৱৰ্তী,ভাতৃ শৌৱিক চক্ৰৱৰ্তী আৰু পিতৃ ইন্দ্ৰজিত চক্ৰৱৰ্তীৰ ফোনসমূহ জব্দ কৰে ।এক বিশেষ সূত্ৰৰ মত অনুসৰি শ্ৰুতিয়ে কয়” মই কোনো অবৈধ লেন দেন কৰা নাই ৷যেতিয়াৰ পৰা ৰিয়া সুশান্তৰ জীৱনলৈ আহিছে তেতিয়াৰ পৰা ৰিয়াই সুশান্তৰ জীৱনৰ সৰু বৰ সকলো সিদ্ধান্ত হাতত লৈছে।”

লগতে শ্ৰুতিয়ে কয় ” ৰিয়া সুশান্তৰ লগত প্ৰথমবাৰ মিলিত হওঁতে শ্ৰুতি অভিনেতাজনৰ বিজনেছ মেনেজাৰ আছিল ৷ৰিয়াৰ কিছুমান বিজনেছ প্ৰজেক্টও শ্ৰুতিয়ে চোৱা চিতা কৰিছিল। চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা সুশান্তৰ লগত বহুত কম পৰিমাণেহে সাক্ষাৎ হোৱাৰ কথা সদৰী কৰে শ্ৰুতিয়ে। এই পৰ্যন্ত শ্ৰুতিক লগত ইডিয়ে ৭ আৰু ১০ আগষ্টত সোধ পোচ কৰিছে।

অন্যহাতে এতিয়ালৈকে ইডিৰ সন্মুখত শ্ৰুতিয়ে সুশান্তৰ সম্পৰ্কত বহু কথা সদৰী কৰিছে ৷শ্ৰুতিয়ে ইডিৰ বিষয়ববীয়াক তেওঁলোকৰ কনটেক্ট পেপাৰো দেখুৱাই ।শ্ৰুতি মোদীৰ পিছতে আজি সুশান্তৰ ভগ্নী মীতুকো সোধ পোচ কৰিছে ইডিয়ে। এক বিশেষ সূত্ৰৰ মতে ১৫ কোটিৰ লেনদেনৰ সন্দৰ্ভত ইডিয়ে ৰিয়া চক্ৰৱৰ্তীৰ মোবাইল ফোনৰো তদন্ত কৰিব ৷ইডিয়ে সন্দেহ প্ৰকাশ কৰিছে যে টকা পইচাৰ লেনদেনৰ সন্দৰ্ভত ৰিয়াৰ ফোনৰ পৰা বহু তথ্য লাভ কৰিব।

আনহাতে ৰিয়াই যিসমূহ ডাটা ইতিমধ্যে ডিলিট কৰিছিল সেইসমূহ পুনৰোদ্ধাৰৰ কাৰণেও প্ৰচেষ্টা কৰিছে ইডিয়ে ৷উল্লেখযোগ্য যে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰে সুশান্ত সিং ৰাজপুতে। ইয়াৰ পিছৰে পৰা সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত মুম্বাই পুলিছ,বিহাৰ পুলিচে তদন্ত অব্যাহত কৰে যদিও কেন্দ্ৰই অভিনেতাজনৰ তদন্ত চি বি আইক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। চি বি আইৰ তদন্ত কৰাৰ পিছতে বহু নতুন তথ্য ইতিমধ্যে উদ্ধাৰ হৈছে ৷

Exit mobile version