আজি অসমৰ সাহিত্য সংস্কৃতিৰ লগতে আধ্যাত্মিক জগতখনৰ এক সুদৃঢ় স্তম্ভ স্বৰূপ বৈষ্ণৱ পণ্ডিত,শ্ৰীমন্ত শঙ্কৰদেৱ বটাঁ প্ৰাপক,মহাপুৰুষীয়া ব্যৱস্থাৰ অভিভাৱক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ড° নাৰায়ণ চন্দ্ৰ গোস্বামীৰ দেহাৱসান হয় ৷দীৰ্ঘদিন ধৰি যকৃত আৰু ককাঁলৰ বিষত ভূগি থকা সত্ৰাধিকাৰ গৰাকী মংগলবাৰে পুৱা ১০-৩০ মিনিটত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত বৈকুণ্ঠগামী হয়।
সত্ৰীয়া সংস্কৃতিৰ গৱেষক পণ্ডিতগৰাকীৰ মৃত্যুৰ লগে লগে অসমৰ বাবে অপূৰণীয় ক্ষতি ৷সত্ৰাধিকাৰ গৰাকীয়ে অমিতাক্ষৰ চন্দত সম্পূৰ্ণ ৰামায়ণ ৰচনা কৰিছিল ।তদুপৰি শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰ সমাজৰ প্ৰথম সাধাৰণ পৰিষদৰ সন্মানীয় সদস্য হিচাপে আসন অলংকৃত কৰিছিল ।
উল্লেখযোগ্য যে সত্ৰাধিকাৰ ড° নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱে ২০ খন মনোজ্ঞ গ্ৰন্থ,৮ খন সম্পাদিত গ্ৰন্থ,৯ খন নাট্য সাহিত্য ৰচনাৰে অসমৰ লগতে সাহিত্য সমাজক গৌৰাৱাম্বিত কৰি থৈ গৈছে। প্ৰকৃতাৰ্থত তেওঁ আছিল এগৰাকী মুকুত বিহীন সম্ৰাট ৷গোস্বামীদেৱৰ সৃষ্টিৰাজি তথা আদৰ্শ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব ৷ উল্লেখযোগ্য যে শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামীৰ নশ্বৰ দেহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণলৈ অনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মন্ত্ৰী নৱ কুমাৰ দলে,আঙুৰলতা ডেকাৰ লগতে অন্যান্য বহু বিশিষ্ট ব্যক্তিয়ে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে ৷































