অসম চুক্তিৰ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ প্ৰেছ বিজ্ঞপ্তি

Ranjit Das

অসম চুক্তিৰ ৬ নং দফা ৰুপায়ণৰ কাৰণে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে , সেয়া পূৰ্বৰ কোনো এখন চৰকাৰে গ্ৰহণ কৰা নাছিল । এই কথা এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে ৰণজিৎ কুমাৰ দাসে। দাসে লগতে কয় যে কেৱল ৬নং দফাই নহয় সামগ্ৰিকভাৱে অসম চুক্তি ৰূপায়ণৰ বাবে বিজেপি চৰকাৰ সংকল্পবদ্ধ ।

বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে অসমীয়া জাতীয় জীৱনৰ স’তে জৰিত প্ৰতিটো বিষয়ৰ ওপৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷যাৰ কাৰণে পূৰ্বৰ চৰকাৰে গুৰুত্বহীন কৰি পেলোৱা অসম চুক্তিৰ ৬ নং দফাৰ শীঘ্ৰে ৰূপদানৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন হোৱা কমিতিখনে প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ সক্ষম হ’ল । এই প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ চৰকাৰক দুবচৰ সময় দিছিল।

কিন্তু কমিটিখনৰ প্ৰতিবেদনৰ গোপনীয়তা ভংগ কৰি মাত্ৰ পাঁচমাহতে প্ৰতিবেদন ৰাজহুৱা কৰাত আশ্চৰ্য্য প্ৰকাশ কৰে দাসে ৷লগতে ৰাজ্যিক সভাপতি দাসে কয় “অসম চুক্তিৰ ৬নং দফা ৰুপায়ণৰ যোগেদি অসমীয়া খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে গঠন কৰি দিয়া কমিটিখনে যোৱা ২৫ ফ্ৰেব্ৰুৱাৰীত প্ৰতিবেদন দাখিল কৰিছিল ।ইয়াৰ কাৰণে সংবিধান সংশোধনৰ প্ৰয়োজনীয়তা আছে ৷”

Exit mobile version