- এখন নতুন অসম গঢ়াৰ লক্ষ্যৰে অৰুণোদয় আঁচনি ৷
- সামাজিক,অৰ্থনৈতিক উন্নয়নৰ কাৰণে অৰুণোদয় আঁচনি ৷
- ৫ বছৰলৈ সকলো আঁচনি অন্তৰ্ভুক্ত হ’ব অৰুণোদয় আঁচনিত
- ২অক্টোবৰৰ পৰা ২ লাখ পৰিয়ালক দিয়া হ’ব ৮৩০ টকাকৈ।
- ৰাজ্যৰ ১৭ লাখ লোকে পাব এই আঁচনিৰ সুবিধা ৷
- এই আঁচনিৰ কাৰণে ধাৰ্য কৰা হৈছে ২৮০০ লাখ৷
- প্ৰতিমাহৰ ১তাৰিখে হিতাধিকাৰীৰ একাউণ্টত জমা হ’ব টকা। কিন্তু হিতাধিকাৰী হ’ব লাগিব মহিলা ৷
- ১৭ আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ কাম আৰম্ভ ।
- এটা পৰিয়ালক চেনি ক্ৰয়ৰ কাৰণে ৮০ টকা,দালি কিনিবৰ কাৰণে ৷ ২০০ টকা, বৃদ্ধ লোকৰ ফলমূল কিনিবৰ কাৰণে ১৫০ টকা প্ৰদান কৰা হ’ব ।
- জিলা উপায়ুক্তসকলে অৰুণোদয় আঁচনিৰ কৰ্মকৰ্তাসকলক সহায় কৰিব ৷
- ক’ভিড-১৯ ৰ সময়ত এই আঁচনিয়ে যথেষ্ট সহায় কৰিব ৷
আনহাতে ৰাজ্যত ক’ভিড১৯ ৰ পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে আজিৰ দিনটোত অসমত ১লাখ লোকৰ কৰ”না টেষ্ট কৰাৰ লক্ষ্য লোৱা হৈছে । এই পৰ্যন্ত অসমত মুঠ ১৪,৩০,৬৯১ জন লোকৰ শৰীৰত কৰা হৈছে কৰ’না পৰীক্ষা । ইপিনে দেশৰ অন্য ৰাজ্যৰ তুলনাত মৃত্যু হাৰ ০.২ শতাংশহে বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই।