গুগলত আপুনিও চাইছে নেকি ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পাৰি কৰ’নাৰ ভেকচিনঃ যদি চাইছে পঢ়ক সবিশেষ

coronavaccine1.v1

কৰ’না ভাইৰাছৰ সমান্তৰালভাৱে এতিয়া সমগ্ৰ বিশ্বতে ভেকচিন প্ৰস্তুত কৰাৰ প্ৰতিযোগিতা চলিছে । বিশ্বৰ বৃহৎ বৃহৎ গৱেষণা প্ৰতিষ্ঠানসমূহে দিনক ৰাতি কৰি ভেকচিন প্ৰস্তুতিৰ কামত ব্যস্ত হৈ পৰিছে ৷ কিন্তু ইয়াৰ মাজতে মহামাৰীৰ কাৰণে আতংকিত জনসাধাৰণে ঘৰতে কেনেকৈ কৰ’নাৰ ভেকচিন তৈয়াৰ কৰিব পাৰি সেই বিষয়ে গুগলৰ জৰিয়তে জানিবলৈ ইচ্ছুক হৈ পৰিছে ৷

আৰু আচৰিতভাৱে ঘৰতে কেনেকৈ কৰ’নাৰ ভেকচিন তৈয়াৰ কৰিব পাৰি এই বিষয়টো হৈ পৰিছে আজিৰ তাৰিখত ট্ৰেণ্ডিং বিষয় ৷ কিন্তু ঘৰতে প্ৰস্তুত কৰা কৰ’নাৰ ভেকচিন সুৰক্ষিত নহয় বুলি দাবী কৰিছে ৰাছিয়াৰ গৱেষকে ৷ আনহাতে কৰ’নাৰ সময়ত আটাইতকৈ প্ৰয়োজনীয় ছেনিটাইজাৰো ঘৰতে প্ৰস্তুত কৰিছে বহুলোকে ৷

উল্লেখযোগ্য যে ঘৰুৱা ভাৱে কৰ’নাৰ ভেকচিন কৰাৰ বিষয়টো ট্ৰেণ্ডিং হোৱাৰ সময়তে ৰাছিয়াৰ কৰ’না ভেকচিনক লৈ সুখবৰটো দিছে ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইতিমধ্যে নিজৰ কন্যাৰ শৰীৰত কৰ’নাৰ ভেকচিন প্ৰয়োগ কৰাৰ তথ্য সদৰী কৰিছে ৷ লগতে পুটিন জনাইছে যে কন্যাৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ ৷

Exit mobile version