বাংগালুৰুত ৰহস্যজনক মৃত্যু নগাঁৱৰ যুৱতী পৰিনীতাৰ

IMG 20200812 WA0000

বাংগালুৰুত “এয়াৰ এছিয়া” নামৰ বিমান পৰিবহন সংস্থাটোত এগৰাকী বিমান সেৱিকা হিচাপে কৰ্মৰত নগাঁও চহৰৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভাড়াঘৰৰ বন্ধ কোঠাৰ ভিতৰত ৰক্তাক্ত শৰীৰৰ মৃতদেহ উদ্ধাৰ হোৱা ২৫বছৰীয়া যুৱতী গৰাকীৰ নাম পৰিণীতা বৰা। তেওঁ নগাঁও চহৰৰ পানীগাঁও ছয়আলীৰ প্ৰয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্ৰ সন্তান।

উল্লেখ্য যে, দুবছৰ পূৰ্বে নগাঁও চহৰৰ সমীপবৰ্তী ডিমৌ চাৰিআলিত এক শোকাবহ পথ দুৰ্ঘটনাত শৰৎ বৰাৰ মৃত্যু হৈছিল। পৰিণীতা বৰাৰ পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত পৰিণীতাই গুৱাহাটীৰ এক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ‘এয়াৰ হোষ্টেজ’ পাঠ্যক্ৰম পঢ়ে । তাত উতীৰ্ণ হোৱাৰ পাছত তেওঁ এয়াৰ এছিয়াৰ বিমান সেৱিকা পদত নিযুক্তি লাভ কৰে ।

প্ৰথমাৱস্থাত তেওঁ কলকতাত কৰ্মৰত আছিল যদিও পাছত বাংগালুৰুলৈ বদলি হয় । তেতিয়াৰ পৰাই তেওঁ বাংগালুৰুত এটা ভাড়া ঘৰত আছিল । কালি দুপৰীয়া বহু দেৰীলৈকে তেওঁ শুৱাৰ পৰা নুঠাত দুৱাৰত ঢকিয়াই তেওঁক কে’বাবাৰো মাতে যদিও কোঠাৰ ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল । ফলত ভাড়াঘৰৰ মালিকৰ সন্দেহ উপজে আৰু লগে লগে তেওঁ আৰক্ষীক খবৰ দিয়ে ।

পাছত আৰক্ষীৰ দল এটা ঘৰটোত উপস্থিত হৈ কোঠাটোৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু কোঠাটোত ৰক্তাক্ত শৰীৰৰে পৰিণীতাৰ মৃতদেহটো উদ্ধাৰ কৰে। কি পৰিস্থিতিত যুৱতী গৰাকীয়ে মৃত্যুক আকোঁৱালি ল’ব লগা হ’ল তাৰ কাৰণ এতিয়াও ৰহস্যাবৃত হৈয়েই আছে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

ইপিনে, বাংগালুৰুৰ ভাড়াঘৰৰ মালিক আৰু আৰক্ষীয়ে পৰিণীতাৰ মৃত্যুৰ খবৰটো পৰিয়ালক অৱগত কৰোৱাৰ পাছত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । নিজৰ একমাত্ৰ সন্তানৰ বিয়োগৰ বতৰা সহিব নোৱাৰি অসুস্থ হৈ পৰিছে দুৰ্ভগীয়া মাতৃ ৰীতা বৰা । পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে, পৰিণীতা বৰাই দেশজুৰি বলবৎ হোৱা তলাবন্ধৰ ঠিক আগে আগে যোৱা মাৰ্চ মাহত ঘৰলৈ আহিছিল।

ইপিনে, পৰিণীতাৰ পৰিয়ালৰ লোক ইতিমধ্যে বাংগালুৰুলৈ বুলি ৰাওনা হৈছে। নগাঁৱৰ স্হানীয় ৰাইজে এই ঘটনাটো সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই। ইপিনে, ই এক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰিছে সৰ্বসাধাৰণ ৰাইজে । এগৰাকী অসহায় তথা পিতৃহীনা যুৱতীক নিৰ্মম ভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

Exit mobile version