বিৰাট -অনুস্কাৰ তৰ্কযুদ্ধ!

pjimage 3 1597223512

ক্ৰিকেটাৰ বিৰাট কোহলি আৰু বলিউড অভিনেত্ৰী অনুস্কা শৰ্মা বৰ্তমান ঘৰতেই সময় অতিবাহিত কৰিছে । কৰ’না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দুয়োজন চেলিব্ৰেটিয়ে এজনে আনজনক সময় দিছে । দুয়োজনে বিভিন্ন ধৰণৰ ধেমালি কৰি সময় পাৰ কৰা কৰিছে ।

এনে এটা ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেত্ৰী অনুস্কা শৰ্মাই । চাৰে ছয় মিনিটৰ এই ভিডিঅ’ টোত দুয়োৱে এজনে আন জনক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা দেখা গৈছে । এজনে আনজনৰ জ্ঞানৰ পৰীক্ষা লোৱা দেখা গৈছে । অনুস্কা শৰ্মাই বিৰাট কোহলিক সুধিছে অভিনয়ৰ জগতৰ লগত জড়িত প্ৰশ্ন আনহাতে অনুস্কাক বিৰাটে সুধিছে ক্ৰিকেটৰ প্ৰশ্ন ।

এজনে আনজনক তেওঁলোকৰ বিবাহ, নিজৰ পছন্দৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সোধা দেখা গৈছে । আনহাতে, ভিডিঅ’ৰ এটা ‘ছেগমেণ্ট’ত বিৰাটক ‘terrible photographer’ বুলি অভিহিত কৰিছে অনুস্কাই । শেষত, অনুস্কাই ধেমালিতে এইদৰেও কয় যে ‘বিৰাটে অনবৰতে কিবা নহয় কিবা চিন্তা কৰি থাকে, তেওঁৰ মহাকাশলৈ যোৱাৰ প্ৰবল সম্ভাৱনা আছে ।’ শেষত এই খেলখনত জয়ী কোন হ’ব এই দায়িত্ব শুভকাংক্ষীসকলক দিছে অনুস্কাই।

ভিডিঅ’টোৰ কেপচনত লিখিছে, ‘বহু হাঁহি-ধেমালি আৰু দুজন প্ৰতিদ্বন্দী, নীতি-নিয়মৰ মাজেৰে খেলা হৈছে নে নাই । লগতে এই খেল খনত কোন জয়ী হ’ল জানিবলৈ উপভোগ কৰক ।’ শেহতীয়াকৈ অভিনেত্ৰী গৰাকীক ‘জিৰো’ চিনেমা খনত দেখা গৈছে । বৰ্তমান অভিনেত্ৰী গৰাকী ব্যস্ত আছে ‘ৱেবছিৰিজ’ ৰ পৰিচালনাত।

Exit mobile version