অযোধ্যাৰ পাঁচ একৰ ভূমিত মছজিদ নিৰ্মাণক লৈ হিন্দুৰ সমৰ্থন

imago0102832236s

ৰামৰ জন্মভূমি অযোধ্যাত ৰামমন্দিৰ নির্মাণক লৈ চলিছিল দীৰ্ঘদিনীয়া বিবাদ । এক ঐতিহাসিক বিবাদৰ অন্ত পেলাই উচ্চতম ন্যায়ালয়ে ৰামমন্দিৰ নিৰ্মাণৰ ৰায় আগবঢ়াইছিল । সেই ভূমিৰ পাঁচ একৰ ভূমিত মছজিদ নিৰ্মাণৰ বাবে ৰায় আগবঢ়াইছিল । যোৱা ২আগষ্টত সেই ভূমি ‘উত্তৰ প্ৰদেশ চুন্নী ৱকফ ব’ৰ্ড’ (ইউপিএছচিডব্লিউ)ক অৰ্পণ কৰা হৈছে । এই মছজিদ নিৰ্মাণ হ’ব অযোধ্যাৰ ধনীপুৰ গাঁৱত । ধনীপুৰ গাঁৱৰ বাসিন্দাইয়ো মছজিদ নিৰ্মাণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

এই মছজিদ নিৰ্মাণত সমৰ্থন আগবঢ়াইছে প্ৰায় ৬০ শতাংশ হিন্দুলোকে ।মছজিদ নিৰ্মাণ ট্ৰাষ্ট কয়, ‘সাম্প্ৰদায়িক বৈষম্য চলি থকাৰ মাজতে সাম্প্ৰদায়িক একতা পুনৰ ঘূৰি আহিছে ।’  লগতে জনায় যে আবন্টিত ভূমিত মছজিদৰ লগতে ৰান্ধনীশাল, চিকিৎসালয় লগতে থাকিব শৈক্ষিক কেন্দ্ৰ স্থাপনৰো পৰিকল্পনা কৰা হৈছে ।

ইতিমধ্যে মছজিদ নিৰ্মাণৰ বাবে সংগঠিত ট্ৰাষ্টৰ সদস্য সকলে নিৰ্মাণকাৰ্য্যৰ বিভিন্ন কাম-কাজৰ খতিয়ানৰ বাবে এটা কাৰ্যালয়ো আৰম্ভ কৰিছে । ট্ৰাষ্টৰ সদস্য হুছেইনে জনায় যে, ‘কৰ’না মহামাৰীৰ বাবে মছজিদ নিৰ্মাণৰ কাম লেহেমীয়া হৈছে । অতি সোনকালেই নিৰ্মাণ কাৰ্য্য আৰম্ভ হ’ব ।’

Exit mobile version