আদালতৰ নিয়মীয়া কাম-কাজ আৰম্ভ কৰাৰ দাবীত অধিবক্তাৰ ধৰ্না কাৰ্যসূচী

Gauhati High Court

কৰ’না মহামাৰীৰ কাৰণে দিয়া তলাবন্ধৰ বৰ্তমান শিথিল হোৱা লগে লগে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি ৰাজ্যৰ অন্যান্য আদালতৰ কাম কাজ আৰম্ভ কৰাৰ কাৰণে আজি অধিবক্তা সমাজে ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে ।উত্তৰ পূৰ্বাঞ্চল বাৰ কাউঞ্চিল আৰু সদৌ অসম উকীল সন্থাৰ উদ্যোগত অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে বিভিন্ন জিলাৰ আদালতৰ সন্মুখত দিয়া ধৰ্না কাৰ্যসূচীত তিনিটা দাবী উত্থাপন কৰে ৷

ইয়াৰ ভিতৰত আদালতৰ কাম কাজ নিয়মীয়াকৈ প্ৰৱৰ্তন কৰা, পূৰ্বৰ আদালতৰ পৰম্পৰা অটুট ৰখা আৰু বন্ধ কৰি ৰখা কাৰ্যালয় আৰু লাইব্ৰেৰীসমূহ পুনৰ খোলাৰ দাবীত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে অধিবক্তাসমাজে । লগতে অধিবক্তা সমাজে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

ইফালে অধিবক্তা সমাজৰ এই ধৰ্না কাৰ্যসূচীলৈ অসমৰ লগতে নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলেও সহাৰি জনায় ৷ উল্লেখযোগ্য যে সূদীৰ্ঘ পাঁচমাহ ধৰি আদালতৰ কাম কাজ বন্ধ থকাৰ কাৰণে নিষ্পত্তি কৰা গোচৰৰ ক্ষতিপূৰণো আজি পৰ্যন্ত ভূক্তভোগীয়ে লাভ কৰা নাই বুলি মন্তব্য কৰে অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাসে ।

লগতে আদালতৰ কাম-কাজ যদি নিয়মীয়া নহয় তেন্তে অনাগত দিনত আদালতৰ বোজাও বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰে । তদুপৰি আদালতৰ কাম কাজ বন্ধ ৰাখি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অধিবক্তা সমাজৰ বৃত্তিগত অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰি দাসে কয় যে আদালতৰ ৮০ শতাংশ কাম-কাজ নিম্ন আদালতৰ ওপৰত ন্যস্ত থাকে । কেৱল জামিন সম্পৰ্কীয় তথা আদি জৰুৰী গোচৰসমূহে ভাৰ্চুৱেল কোৰ্টৰ জৰিয়তে নিষ্পত্তি নিৰ্দেশ দিয়া হৈছে ৷ অথচ এই ব্যৱস্থাটো আসোঁৱাহপূৰ্ণ ৷ গতিকে এনেবোৰ বহু কাৰণতে আজি সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Exit mobile version