কৰ’নাৰ পৰিৱেশ, আৰ্থিক সুস্থিৰতা নহালৈ নিৰ্বাচন স্থগিত ৰাখকঃ এন চি পি

general elections 2019 g 660 102219031127

অসমত অব্যাহত থকা কৰ’নাৰ সংক্ৰমণৰ মাজতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছে ব্যাপক নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে । ৰাজহুৱা পৰ্যায়ত চলাই থকা এনে ৰাজনৈতিক কামকাজৰ পৰাও অসমত কৰ’নাৰ সামাজিক সংক্ৰমণে বিস্তাৰ লাভ কৰা বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ অসম ৰাজ্যিক সমিতিয়ে ৷

এক সংবাদমেলত দলৰ সভাপতি ধীৰেন্দ্ৰ নাথ অধিকাৰী আৰু কাৰ্যকৰী সভাপতি কৃষ্ণকান্ত মহন্তই কয় যে এই সময়ত সকলোৰে লক্ষ্য হোৱা উচিত কৰ’নাৰ প্ৰভাৱৰ পৰা কি দৰে অসমক উদ্ধাৰ কৰিব পাৰি ৷ যি সময়ত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ৬০ হেজাৰ সীমা অতিক্ৰম কৰিলে তেনে সময়তো বিজেপিয়ে ৰাজনৈতিক সক্ৰিয়তা সামাজিক স্তৰত অব্যাহত ৰাখিছে । কংগ্ৰেছ নিৰ্বাচন কেন্দ্ৰিকভাৱে তৎপৰতা চলাই আহিছে ।এনে কাম কাজ বন্ধ ৰখাৰ দাবী উত্থাপন কৰে নেতাদ্বয়ে ।

এই প্ৰসংগতে অসমত কৰ’নাৰ মাজত বিধানসভাৰ অধিবেশন অনুষ্ঠিত নকৰিবলৈ আহ্বান কৰে ৷ ইয়াৰ কাৰণে নিৰ্বাচন আয়োগৰ যোগাযোগ স্থাপন কৰা বুলি উল্লেখ কৰি কাৰ্যকৰী সভাপতি মহন্তই কয় “বৰ্তমানৰ অৱস্থাত কৰ’নাৰ প্ৰত্যাহ্বান আমাৰ সকলোৰে কাৰণে মুখ্য আৰু আন সকলো গৌন ৷ সেয়ে এতিয়া একমাত্ৰ কৰ’না প্ৰতিহত কৰা আৰু দেশ তথা ৰাজ্যৰ অৰ্থনীতি পুনৰোদ্ধাৰৰ কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

বিশেষকৈ বিজেপিক সমালোচনা কৰি এন চি পিৰ নেতৃবৃন্দই কয় যি বিজেপিয়ে কৰ’নাৰ বিৰুদ্ধে যুঁজক গুৰুত্বহীন কৰি অসমৰ চুকে কোণে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলাই আছে ৷দলটোৰ এই কাৰ্য বৰ্তমান প্ৰযোজ্য হৈ থকা ক’ভিড-১৯ সংক্ৰান্তীয় সকলো নীতি আৰু আচৰণ বিধিৰ পৰিপন্থী ৷

বিজেপিৰ এনে কাৰ্যক গৰিহনা দি কাৰ্যকৰী সভাপতিজনে কয় “আমি বিজেপিক ইয়াৰ বাবে কঠোৰ ভাষাৰে নিন্দা কৰিছো ৷ অসম চৰকাৰৰো এই ক্ষেত্ৰত পক্ষপাতমূলক আচৰণ অতিশয় দুৰ্ভাগ্যজনক ৷ কংগ্ৰেছও একেধৰণে তৎপৰতা চলাইছে ৷ এইবাৰ অসমত কৰ’নাৰ সমস্যা অধিক মাৰাত্মক কৰি তুলিব ৷”

Exit mobile version