- ভাৰতত টিকটকৰ সকলো ব্যৱসায় মুকেশ আম্বানীয়ে ক্ৰয় কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । চলিত বৰ্ষৰ জুন মাহত ৫৯ বিধ চীনা এপছ নিষিদ্ধতা আৰোপ কৰাৰ পাছত জুলাইত মাহত দেশত ১৫ বিধ চীনা এপছ পুনৰ নিষিদ্ধতা আৰোপ কৰা হৈছিল ৷
- অখিল গগৈক মুক্তিৰ দাবীত ৰাইজৰ সহায় বিচাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই সন্দৰ্ভত আজি গান্ধী বস্তিত এখন সংবাদমেল সম্বোধন কৰে কৃষক মুক্তিয়ে ৷ লগতে অসমবাসীক আৰ্থিক সহায়ৰ বাবে আহ্বান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
- ভাৰতৰ কৰ ব্যৱস্থাত নতুন প্লেটফৰ্ম মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷ এই প্লেটফৰ্মৰ নাম ট্ৰান্সপাৰেন্ট টেক্সেশ্যন অনাৰিং দ্যা অনেষ্ট ৷ যাৰ অৰ্থ হ’ল স্বচ্ছ কৰ ব্যৱস্থা, সততাক সন্মান।
- ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ কৰ’না টেষ্ট কৰা হয় বুধবাৰে কৰা হয় । ডুবাইত হ’ব লগা আই পি এল ২০২০ ৰ অংশ লোৱাৰ পূৰ্বে কৰ’না টেষ্ট সম্পন্ন কৰা হয় ক্ৰিকেটাৰগৰাকী। উল্লেখযোগ্য যে, দীৰ্ঘসময়ৰ বিৰতিৰ পিছত খেলপথাৰত দেখা পোৱা যাব ধোনীক ।
- বলীউডৰ মুক্তি পাব লগা ছবি চড়ক ২ ট্ৰেইলাৰ লাভ কৰে ৯৫ শতাংশ ডিচলাইক । ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন হয় । লগতে ছবিখন বয়কটৰ দাবী উত্থাপন কৰিছে একাংশ লোকে ।