ডি ডি-১ত সম্প্ৰচাৰিত ধাৰাবাহিক “শ্ৰীমন্ত শংকৰদেৱ” বন্ধৰ দাবী

IMG 20200813 WA0032

ৰাষ্ট্ৰীয় দূৰদৰ্শন কেন্দ্ৰ ডি ডি-১ ত সম্প্ৰচাৰিত হৈ থকা “শ্ৰীমন্ত শঙ্কৰদেৱ” শীৰ্ষক ধাৰাবাহিকখনত গুৰুজনাৰ বিষয়ে শুদ্ধ তথ্য প্ৰতিফলিত নোহোৱা ঘটনাক কেন্দ্ৰ কৰি শেহতীয়াভাৱে অসমত সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । আজি এই সন্দৰ্ভত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এক সংবাদমেল অনুষ্ঠিত কৰি ধাৰাবাহিক খনৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ দাবী জনায় ।

সংবাদমেলত দূৰদৰ্শন কেন্দ্ৰ যোগে সম্প্ৰচাৰিত ধাৰাবাহিক খনত মহাপুৰুষ জনাৰ ব্যক্তিত্ব, বৈষ্ণৱ ধৰ্ম দৰ্শনৰ লগতে অসমৰ গৰিমামণ্ডিত সাংস্কৃতিক ঐতিহ্য চূড়ান্তভাৱে ভূ-লুন্ঠিত কৰা তথা বিকৃত কৰাৰ অভিযোগ তুলি এই কাৰ্যক গৰিহণা দিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। ভুল অপবাখ্যাৰে দিল্লী দূৰদৰ্শন ডি ডি-১ ত সম্প্ৰচাৰিত হৈ থকা “শ্ৰীমন্ত শংকৰদেৱ” ধাৰাবাহিকখন সম্পূৰ্ণ নিষিদ্ধ কৰাৰ লগতে অনতিপলমে ইয়াৰ সম্প্ৰচাৰণ বন্ধ কৰিবলৈ ৰাষ্ট্ৰীয় দূৰদৰ্শন কেন্দ্ৰৰ সঞ্চালকক সংবাদমেলযোগে দাবী তুলিলে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ।

সংবাদমেলত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই কয়, “ধাৰাবাহিক খনত শংকৰদেৱৰ আইমাতৃ ভূঞা ৰাজ্যৰ ৰাজমাতা খেৰসুতী, শংকৰদেৱৰ বিবাহৰ পুৰুহিত আৰু সতী ৰাধিকাৰ স্বামীক সুৰাপায়ী সজাই ইতিহাসৰ প্ৰকৃত তথ্য বিকৃত কৰিছে । ভাৰতৰ অন্য প্ৰান্তৰ ধৰ্মগুৰু সকলক ইমান সুন্দৰ উপস্থাপন আৰু গুৰুজনাৰ ক্ষেত্ৰত বাৰে বাৰে অপমান অসহ্যকৰ হৈ পৰিছে।”

ধাৰাবাহিক খনত সেইসময়ৰ অসমৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক দিশৰ প্ৰতীকি দৃশ্য চিত্ৰকল্প অতিকৈ পুতৌজনক ভাবে উপস্থাপন কৰাত ক্ষোভ প্ৰকাশ কৰিছে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক বৰুৱাই। অসমবাসী ৰাইজ, গুৰুজনাৰ অনুগামী সকলোৱে এই নীচ মানসিকতাৰ প্ৰচাৰৰ বিৰুদ্ধে থিয় হোৱাৰ আহ্বান জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই ।

শ্ৰীমন্ত শংকৰদেৱ ধাৰাবাহিকখনৰ পৰিচালক বিজয় শৰ্মা আৰু পৃষ্ঠপোষক লক্ষীনৰায়ন ভালাক শীঘ্ৰেই ধাৰাবাহিকখন বন্ধ কৰি অসমৰ জাতীয় জীৱনৰ ইতিহাস ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায় সংবাদমেলত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে । ধাৰাবাহিকখন শীঘ্ৰেই সম্প্ৰচাৰ বন্ধ নকৰিলে আদালতৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ প্ৰদান কৰে ।

Exit mobile version