হলিউদ তাৰকাকো পৰাভূত কৰি বিশ্বৰ সৰ্বাধিক উপার্জনকাৰী তাৰকা তালিকাৰ শীর্ষ ১০ত অক্ষয়

Akshay Kumar Net Worth e1562955938244

২০২০ ত বিশ্বৰ সৰ্বাধিক উপার্জনকাৰী তাৰকাৰ তালিকাত প্ৰথম ১০ স্থানত অন্তৰ্ভুক্ত হ’ল বলিউদৰ অভিনেতা অক্ষয় কুমাৰ। বিশ্বখ্যাত ফ’ৰ্বছ আলোচনীয়ে প্ৰস্তুত কৰা এই তালিকাখনত ড’য়েন জনচন, ৰায়ান ৰেনল্ডছৰ স’তে স্থান লাভ কৰিলে অক্ষয়ে। ফৰ্বছৰ তালিকাত অক্ষয় বিশ্বৰ ষষ্ঠজন সৰ্বাধিক ধন উপার্জনকাৰী অভিনেতা হিচাপে স্বীকৃত হ’ল।

ADVERTISEMENT

২০১৯ৰ পহিলা জুনৰ পৰা ২০২০ ৰ পহিলা জুনৰ সময়ছোৱাক সামৰি এই সমীক্ষা চলোৱা হৈছিল। ফৰ্বছৰ তথ্য অনুসৰি এই সময়ছোৱাত বলিউডৰ অভিনেতাজনে মুঠ ৩৬২ কোটি টকা উপাৰ্জন কৰিছিল। অক্ষয়ৰ উপার্জনৰ সৰহখিনি ধন তেওঁ বিজ্ঞাপনৰ জৰিয়তে লাভ কৰিছিল।

এই তালিকাত প্ৰথম স্থানত আছে ‘দ্য ৰক’ খ্যাত ড’য়েন জনছন । ড’য়েনৰ উপাৰ্জন আছিল ৬৪৫ কোটি টকা ইয়াৰ পাছতে ৫৩৪ কোটি টকা উপার্জনৰে তালিকাত দ্বিতীয় স্থান লাভ কৰে ৰায়ান ৰেনল্ডছে। তৃতীয় স্থানত আছে হলিউদৰ অভিনেতা প্ৰযোজক মাৰ্ক উহালবাৰ্গ। মাৰ্কৰ উপাৰ্জন আছিল ৪০৩ কোটি টকা । বিশ্বৰ সৰ্বাধিক উপার্জনকাৰী তাৰকা অভিনেতাৰ তালিকাত উইল স্মিথ, জেকী চান, আডাম ছেণ্ডলাৰ আদিৰ নামো আছে।

Exit mobile version