ৰং বিৰঙৰ পতাকাৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ ঃ গ্ৰাহকৰ সংখ্যা তেনেই সীমিত

WhatsApp Image 2020 08 13 at 6.03.46 PM

‘তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে’- স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী । দেশ স্বাধীন হোৱা ৭৩ বছৰ পিছত কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ মাজত এইবাৰ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসটি ব্যতিক্ৰমী ধৰণে উদযাপন কৰা হ’ব । ইতিমধ্যে উদযাপনৰ বাবে ৰাজ্যৰ চৌদিশে প্ৰস্তুতি তুংগত উঠিছে । সমানে প্ৰস্তুতি চলাইছে ৰাজ্যৰ বিয়াগোম বিভাগ খাদী আৰু গ্ৰামোদ্যোগ বিভাগে । চৰকাৰৰ প্ৰয়োজন অনুসৰি পতাকা তৈয়াৰ কৰাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে বিভাগটোৱে ।

এই বৰ্ষত বিভাগটোৱে প্ৰায় দহ লাখ টকাৰ ২৮০০ খন পতাকা প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বাবেই ৮ গৰাকী মহিলাই দিনে নিশাই পতাকা প্ৰস্তুত কৰা কামত নিয়োজিত হৈছে । কিন্তু বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি বিভাগটোত যথেষ্ট কেঁচামালৰ নাটনি হৈছে । যাৰ ফলত পতাকা তৈয়াৰ কৰাত যথেষ্ট বাধাগ্ৰস্তৰ সন্মুখীন হৈছে । ইপিনে পতাকাৰ অশোক স্তম্ভৰ কেঁচামালৰ নাটনিৰ ফলত পতাকা তৈয়াৰ কৰাত বিপাঙত পৰিছে বিভাগটো । ইতিমধ্যে বিভাগটোৱে পতাকা বিক্ৰীৰ ব্যবস্থা কৰিছে যদিও পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে পতাকাৰ বিক্ৰী ।

আনহাতে পূৰ্বৰ তুলনাত পতাকাৰ অৰ্ডাৰো যথেষ্ট সীমিত বুলি সদৰী কৰে বিভাগৰ কৰ্তৃপক্ষই । আনহাতে মহানগৰীৰ শিলপুখুৰীকে ধৰি কেতবোৰ অঞ্চলত ৰংবিৰঙৰ পতাকাৰে ভৰি পৰা পৰিলক্ষিত হৈছে । কিন্তু গ্ৰাহকৰ সংখ্যা তেনেই নগন্য বুলি সদৰী কৰে শিলপুখুৰীৰ পতাকাৰ একাংশ বিক্ৰেতাই । অজিত দাস নামৰ এজন বিক্ৰেতাই সদৰী কৰা মতে এইবাৰ তলাবন্ধৰ বাবে ১০ শতাংশ পতাকাও বিক্ৰী হোৱা নাই বুলি মন্তব্য কৰে ।

ইতিমধ্যে যোৱা বছৰৰ ৰৈ যোৱা পতাকা সমূহেই বিক্ৰীৰ বাবে মহানগৰীৰ অলিয়ে-গলিয়ে উলিওৱা দেখা গৈছে । এইবাৰ পতাকা সমূহৰ মূল্য এনেধৰণৰ- ১২-১৫ ফুটৰ পতাকাৰ মূল্য ১২০০ টকা, ৬ ফুটৰ ৪০০টকা, ৫ ফুটৰ ৩০০ টকা, মালাসমূহ ৩০ৰ পৰা ৫০ টকা, ষ্টিকাৰ আৰু সৰু পতাকাৰ মূল্য ৫ ৰ পৰা ২০ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে।

Exit mobile version