ৰাছিয়াৰ ভেকচিনক লৈ আশংকা বিশ্ব

unnamed 9

ৰাছিয়াৰ চৰকাৰে তেওঁলোকে প্ৰস্তুত কৰা কৰ’নাৰ ভেকচিনৰ ওপৰত একাংশ দেশৰ বিশেষজ্ঞই কৰা আশংকাক নসাৎ কৰে ৷ লগতে ৰাছিয়াৰ চৰকাৰে কয় যে সকলোতকৈ আগত আমি ভেকচিনক তৈয়াৰ কৰা কাৰণে বিশ্বৰ বিজ্ঞানীসকল হতাশাত ভূগি এনেধৰণে আমাৰ ভেকচিনক লৈ মিছা বাতৰি বিয়পাইছে ৷ গতিকে ইয়াৰ কোনো অৰ্থ নাই ৷

ৰাছিয়াৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মুশ্বাৰফে কয় “আমাৰ ভেকচিনৰ ওপৰত কৰা অভিযোগ ভিত্তিহীন ৷ এইয়া বিশ্বত ভেকচিনক লৈ অব্যাহত থকা প্ৰতিযোগিতাৰ ফল ।” স্বাস্থ্যমন্ত্ৰী মুশ্বাৰফৰ মতে তেওঁলোকে উৎপাদন কৰা ভেকচিনক লৈ ঈৰ্ষাত ভূগিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৈজ্ঞানিকসকল ৷ যাৰ কাৰণে তেওঁলোকে এনেধৰণৰ আশংকাৰ কথা সকলোতে বিয়পাইছে ৷

মুশ্বাৰফে সংবাদমাধ্যমৰ আগত সদৰি কৰা অনুসৰি ভেকচিনৰ প্ৰথম দুটা ড’জ অনাগত দুসপ্তাহৰ ভিতৰত উপলব্ধ হ’ব ৷ এই ড’জ বিশেষকৈ চিকিৎসক সকলৰ কাৰণে হ’ব ৷ অক্টোবৰৰ পৰা ভেকচিনৰ টীকাকৰণ অভিযান আৰম্ভ হ’ব ৷

ইফালে ৰাছিয়াৰ ভেকচিনৰ সন্দৰ্ভত এইমছৰ সঞ্চালক ৰনদ্বীপ গুলেৰীয়াই কয় যে যদি ৰাছিয়াৰ ভেকচিনে সফলতা লাভ কৰে তেন্তে অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব যে এই ভেকচিন কিমান সুৰক্ষিত ৷ ভাৰতত ভেকচিন তৈয়াৰ কৰিব পৰা ক্ষমতা আছে ৷ কিন্তু ভেকচিনৰ সুৰক্ষা আৰু ইতিবাচক দিশ অথবা নেতিবাচক দিশো চোৱাটো অত্যন্ত প্ৰয়োজন ।

আনহাতে ৰাছিয়াৰ ভেকচিনৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰিও বহু বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰাছিয়াই ভেকচিন নিৰ্মাণৰ কোনো নীতি নিয়ম পালন কৰা নাই । গতিকে তেওঁলোকৰ ওপৰত ভৰষা কৰাটো প্ৰত্যাহ্বানস্বৰূপ । জাৰ্মানী স্বাস্থ্যমন্ত্ৰী জেন্স স্পানৰ মতে ৰাছিয়াই ভেকচিনৰ পৰ্যাপ্ত পৰীক্ষা কৰোৱা নাই । গতিকে মানব শৰীৰত এই ভেকচিন প্ৰয়োগ ভয়ংকৰ হ’ব পাৰে ৷

সকলোতেকৈ প্ৰথমতে ভেকচিন তৈয়াৰ হোৱাতকৈ ভেকচিনৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন । ইয়াৰ বিপৰীতে বিশ্বৰ বহু দেশ ৰাছিয়াৰ ভেকচিনৰ পক্ষত মতামত ব্যক্ত কৰিছে । ইয়াৰ ভিতৰত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ অন্যতম । ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ই কয় “যেতিয়া ভেকচিন আহিব সকলোতকৈ প্ৰথমতে ময়েই শৰীৰত প্ৰয়োগ কৰিম। অৱশ্যে ৰাছিয়াই অতপতে ৰ’ড্ৰিগ’ক ভেকচিন লগোৱাৰ প্ৰস্তাৱ দিছিল ৷”

Exit mobile version