এহাল বৃদ্ধ দম্পত্তিৰ প্ৰেমময় সংগীত

WhatsApp Image 2020 08 14 at 10.03.25 PM

সম্প্ৰতি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বহু পৰিয়াল নিজ ঘৰত গৃহবন্দী হৈ আছে। ইয়াৰ ফলত আপোন মানুহখিনিৰ সৈতে নিজ ইচ্ছা অনুসৰি সময় কটাবলৈ সুবিধা পাইছে। এনে সময়তে টুইটাৰত এহাল বৃদ্ধ দম্পত্তিৰ এটা ভিডিঅ’ই বহুলভাৱে প্ৰচাৰ লাভ কৰিছে।

আমেৰিকাৰ জাৰ্নেলিষ্ট কাৰা শ্বিচ্ছৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। টুইটাৰত শ্বেয়াৰ কৰাজনে তেওঁৰ নিজৰ মাক-দেউতাকৰ এটা ধেমেলীয়া মুহূৰ্ত ভিডিঅ’ কৰি আপলোড কৰিছিল। লগতে ৭৩ বছৰ পাৰ কৰা বিবাহৰ পাছৰ এই জটিল সময়খিনিত তেওঁলোকৰ সঁচা প্ৰেমৰ বিষয়ে লিখি দিছিল ।

ভিডিঅ’ ক্লিপটোত বৃদ্ধ পতি-পত্নীদ্বয়ে দুয়ো দুয়োকে উদ্দেশ্যি গান গাই থকা দেখিবলৈ পোৱা গৈছে। ” i love Eddie, yes I do. I hope Eddie loves me too.” দুয়ো দুয়োৰে নাম লৈ এনেদৰে একে বাক্যৰে পুনৰাবৃত্তি কৰি গান গাই থকা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত। টুইটাৰত আপলোড কৰাৰ লগে লগেই ভিডিঅ’টো ভাইৰেল হৈ পৰে ।
চকু ফুৰাও আহক ইয়াৰে কেইটামান ক’মেন্ট-

 

 

Exit mobile version