চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

kashmir police 630 630

■ সুস্থতাৰ হাৰ আশাপ্ৰদ হ’লেও ২৪ ঘণ্টাত দেশত ৬৭ হেজাৰ লোক কৰ’নাত সংক্ৰমিত হৈছে। এই পৰ্যন্ত দেশত মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা ২,৪৬৪,৩১৬ জন । ইয়াৰ ভিতৰত সুস্থ হৈ উঠিছে ১,৭৫২,৮২৯ জন আৰু মৃত্যু হৈছে ৪৮,১৭৭ জনৰ।

■ কৰ’নাৰ সংক্ৰমণৰ সমান্তৰাল ভাৱে ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে স্বাধীনতা দিৱসৰ বাবেতৎপৰ হৈ পৰিছে সমগ্ৰ দেশবাসী। ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আৰক্ষীৰ সাহসীকতাৰ পদকৰ বাবে ঘোষণা কৰিলে । শীৰ্ষ স্থানত আছে জম্মু-কাশ্মীৰ।

■ আটাইতকৈ বেছি ডিছলাইক পোৱা ছবি হিচাপে পৰিগণিত হোৱা চড়ক-২ ৰ পৰিচালক মহেশ ভাটৰ বিৰুদ্ধে এতিয়া গীত চুৰিৰ অভিযোগ উত্থাপিত হৈছে। সংগীত প্ৰযোজক ছেজান চেলিম ওৰফে জো জীয়ে দাবী কৰা অনুসৰি ‘চড়ক-২’ৰ ট্ৰেইলাৰত ‘ইশ্বক কামাল’ নামৰ গীতৰ যি অংশ ব্যৱহাৰ কৰা হৈছে সেয়া প্ৰকৃততে চুৰি কৰা গীত। পাকিস্তানী সংগীত শিল্পীজনে লগতে দাবী কৰি কয় যে এই গানটো ১১ বছৰ পূৰ্বে তেওঁ সুৰাৰোপিত কৰা গীত আছিল আৰু ২০২১ ত এই গীতটোৱে মুক্তি লাভ কৰিছিল। টুইটাৰত এই দুটা গীতৰ হুবহু মিলৰ প্ৰমাণ দাঙি ধৰিলে পাকিস্তানী সংগীত শিল্পীজনে।

■ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবে ১৫ আগষ্টৰ দিনা অৰ্থাৎ কাইলৈ ১০ বজাত অনুষ্ঠিত হ’বলগীয়া গ্লোৱেল প্ৰেয়াৰত সকলোকে অংশ ল’বলৈ ইনষ্টাগ্ৰামৰ পোষ্টৰ জৰিয়তে অনুৰোধ সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেৰ ।

■ বিশ্বৰ প্ৰথম ক’ভিড-১৯ ৰ প্ৰতিষেধক আৱিষ্কাৰ কৰি উলিওৱাৰ পাছত চৰ্চিত হৈ পৰিছে ৰাছিয়া। এইবাৰ ৰাছিয়াৰ পৰা ক’ভিড-১৯ ৰ প্ৰতিষেধক ক্ৰয় কৰিবলৈ পঞ্জীয়ন কৰিলে ভিয়েটনামে।

Exit mobile version